পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমনা কলিকতা উচ্চ ন্যায়ালয়ৰ

pc-the indian express

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমনা বিহিছে কলিকতা উচ্চ ন্যায়ালয়ে।

অনলাইন বাৰ্ত্তাসেৱা-  কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধিশ কৌশিক চন্দাই মমতা বেনাৰ্জীৰ ওপৰত জৰিমনা আৰোপ কৰি কৈছে যে, ন্যায়াধিশৰ ভাৱমূৰ্তী নস্ত কৰিবলৈ পৰিকল্পিত ভাৱে অভিযোগ উত্থাপন কৰিছে। তেওঁ মমতা বেনাৰ্জীয়ে কলিকতা উচ্চ ন্যয়ালয়ত দাখিল কৰা আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰিছে।মমতা বেনাৰ্জীয়ে ন্যায়ধিশ কৌশিক চন্দাক তেওঁৰ আবেদনৰ শুনানি গ্ৰহণৰ পৰা আতৰাবলৈ উচ্চ ন্যয়াললৈ পত্ৰ প্ৰেৰণ কৰিছিল। কাৰণ ন্যায়ধিশ হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে কৌশিক চন্দাই বিজেপিৰ সৈতে সংযুক্ত হৈ আছিল। সেয়েহে মমতা বেনাৰ্জীয়ে এইগৰাকী ন্যায়ধিশক তেওঁৰ আবেদনৰ শুনানিৰ পৰা আঁতৰাই ৰাখিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু কৌশিক চন্দাই শুনানিৰ পূৰ্বেই তেওঁৰ সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ মমতা বেনাৰ্জীয়ে এই কৌশল ৰচনা কৰিছে বুলি দাবী কৰিছে। এই অভিযোগতে তেওঁ মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমনা বিহিছে।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দিগ্ৰাম সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ ন্যায়াধিষ কৌশিক চন্দাক দায়িত্ব প্ৰদান কৰা হৈছিল। কিন্তু মমাত বেনাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ক পত্ৰ প্ৰেৰণ কৰি কৈছিল যে, তেওঁৰ শুনানিৰ বাবে কৌশিক চন্দাৰ পৰিবৰ্তে অন্য ন্যায়াধিশক দায়িত্ব প্ৰদান কৰক। by utpal kalita