ৰণভূমিৰ কথাৰে – ডা০ পৰেশ শৰ্মা

pc Steemit

এয়া যে ৰণাঙ্গন
নহয় লক্ষ্য ভেদৰ আখৰা
সাজু হোৱা হে অজেয় বীৰ
নহ’লে নাথাকে
আমাৰ আশাৰ বসুন্ধৰা

অদৃশ্য বিন্দু আৰু শত্ৰু
নিৰ্দ্দয়, দুৰ্দ্দান্ত
এটাই মাথোন সিদ্ধান্ত
মৃত্যুদণ্ড
আত্মীয়হাৰা যদিও
নহও দিশহাৰা

নহয় ই যুদ্ধ বাৰুদৰ
যুদ্ধ, মন মগজুৰ
ধৈৰ্য্য়, স্বচ্ছতা আৰু নিয়মৰ
সহায় সজাগতা আৰু সাহসৰ
আৰু নিশ্চিত অস্ত্ৰ বিজ্ঞানৰ
বিজয় আমাৰ নিশ্চিত
যদিও নহও আত্মহাৰা

নহ’লে নাথাকে
আমাৰ আশাৰ বসুন্ধৰা

                                                                                ডা০ পৰেশ শৰ্মা
৯৪৩৫০৪৯৫৯৫