আমাৰ শিশুৱে শৈশৱ হেৰুৱাইছে নেকি – প্ৰেম বৈষ্ণৱ

Pc StockCake

আমাৰ শিশুৱে শৈশৱ হেৰুৱাইছে নেকি

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

১৪ নৱেম্বৰ তাৰিখটো আহিলেই আমাৰ মনলৈ আহে এজন মৰমিয়াল মানুহৰ মুখ। তেওঁ হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু। শিশুৱে তেওঁক মৰমেৰে ‘চাচা নেহৰু’ বুলি মাতিছিল। তেওঁৰ কোলাত বহি শিশুৱে নিৰ্ভয়ে হাঁহিব পাৰিছিল। তেওঁৰ চকুত শিশু আছিল দেশৰ আটাইতকৈ ডাঙৰ সম্পদ। ১৯৬৪ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ জন্মদিনটোকে ভাৰতত শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হ’ল। নেহৰুৱে বিশ্বাস কৰিছিল, আজিৰ শিশুৱেই কাইলৈৰ দেশৰ ভৱিষ্যৎ। কিন্তু আজি এই শিশু দিৱসৰ দিনটোত আমি নিজকে এবাৰ সুধিব লাগিব, আমাৰ শিশুৱে সঁচাকৈয়ে শৈশৱ পাইছে নে? নে আমি তেওঁলোকৰ হাতৰ পৰা শৈশৱটো কাঢ়ি লৈ তাৰ ঠাইত ব্যস্ততা, প্ৰতিযোগিতা আৰু এটা সৰু পৰ্দা তুলি দিছো? অতীতৰ শৈশৱ আৰু বৰ্তমানৰ শৈশৱৰ মাজত বহু পাৰ্থক্য আহিছে। সমাজ, পৰিয়াল, শিক্ষা আৰু প্ৰযুক্তিয়ে শিশুৰ জীৱন সলনি কৰিছে। এই পৰ্যালোচনাত সেই পৰিৱৰ্তনৰ কথা হৃদয়েৰে ভাবি চোৱাৰ লগতে শিশুৰ হেৰাই যাব ধৰা শৈশৱক ঘূৰাই আনিবলৈ আমি কি কৰিব পাৰো, তাকেই আলোচনা কৰা হ’ব।

শিশু দিৱসৰ তাৎপৰ্য :- পৃথিৱীৰ বিভিন্ন দেশত শিশু দিৱস পালন কৰা হয় যদিও তাৰিখ বেলেগ বেলেগ। ৰাষ্ট্ৰসংঘই ২০ নৱেম্বৰক বিশ্ব শিশু দিৱস হিচাপে পালন কৰে। ভাৰতে নেহৰুৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ১৪ নৱেম্বৰত পালন কৰে। এই দিনটোত বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালি, চিত্ৰাংকন, কবিতা আবৃত্তি আৰু বক্তৃতা আদি হয়। শিক্ষকে শিশুক মৰমেৰে আদৰে আৰু উপহাৰ দিয়ে। কিন্তু এই দিনৰ প্ৰকৃত অৰ্থ অনুষ্ঠানতে শেষ নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুৰ প্ৰতি পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ দায়িত্ব সোঁৱৰাই দিয়া। প্ৰতিটো শিশুৰ শিক্ষা লাভ কৰাৰ অধিকাৰ আছে। পুষ্টিকৰ খাদ্য খাই সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ আছে। নিৰাপদ পৰিৱেশত ডাঙৰ হোৱাৰ আৰু মুক্ত মনে খেলাৰ অধিকাৰ আছে। কোনো শিশু যাতে দৰিদ্ৰতাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহয়, শিশু শ্ৰমিক হিচাপে শোষিত নহয়, ক্ষুধাত দিন নকটায় বা নিৰ্যাতনৰ বলি নহয়, তাৰ প্ৰতি আমি সচেতন হ’ব লাগিব। শিশুৰ সৰ্বাংগীণ বিকাশ নিশ্চিত কৰাটোৱেই শিশু দিৱসৰ মূল বাৰ্তা। কেক কাটিলেই, উপহাৰ দিলেই আমাৰ দায়িত্ব শেষ নহয়। শিশুৰ মুখত হাঁহি ফুটাব পাৰিলেহে শিশু দিৱস সাৰ্থক হ’ব।

অতীতৰ শৈশৱৰ কথা ভাবিলেই চকুৰ আগত ভাঁহি উঠে এখন মুকলি পথাৰ, এজোপা বৰগছ, এটা পুখুৰী আৰু শিশুৰ হাঁহিৰে মুখৰিত পৰিৱেশ। সেই সময়ত যৌথ পৰিয়ালৰ প্ৰচলন বেছি আছিল। একেটা ঘৰতে ককা-আইতা, খুড়া-খুড়ী, ভাই-ভনী সকলোৱে একেলগে থাকিছিল। ঘৰত সদায় মানুহৰ সমাগম আছিল। শিশুৱে সকলোৰে মৰম পাইছিল। তেওঁলোকৰ মনত অকলশৰীয়া ভাব কম আছিল। ককা-আইতাৰ কাষত ডাঙৰ হোৱা শিশুৱে সহজে সম্পৰ্ক, সহযোগিতা আৰু সামাজিক মূল্যবোধ শিকিছিল। সেই সময়ৰ জীৱন আছিল সৰল আৰু নিয়মীয়া। ৰাতিপুৱা সোনকালে উঠি পঢ়িবলৈ বহিছিল। তাৰ পিছত বিদ্যালয়লৈ গৈছিল। বহু শিশুৱে খোজ কাঢ়িয়েই বিদ্যালয়লৈ গৈছিল। লগৰীয়াৰ সৈতে কথা পাতি, হাঁহি-ধেমালি কৰি যোৱাৰ মাজতো এক সুকীয়া আনন্দ আছিল। বাটত গছৰ পৰা জামু, বগৰী, আম পাৰি খোৱাৰ স্মৃতি আজিও বহু লোকৰ মনত সজীৱ হৈ আছে। বিদ্যালয়ৰ পৰা ঘূৰি আহি ভাত খাই অলপ জিৰাইয়েই শিশুসকল খেলপথাৰলৈ দৌৰ মাৰিছিল। কাবাডী, লুকা-ভাকু, গুলি খেলা, ৰছী টনা, ঘিলা খেলা, কড়ি খেলা, পুতলা খেলা আছিল তেওঁলোকৰ প্ৰিয় খেল। এই খেলবোৰে কেৱল আনন্দই দিয়া নাছিল। ইয়াৰ জৰিয়তে শাৰীৰিক ব্যায়াম, দলীয় সহযোগিতা, নেতৃত্ব, সহনশীলতা আৰু পৰস্পৰৰ প্ৰতি সন্মান শিকিব পৰা গৈছিল। জয়-পৰাজয়ক সহজভাৱে ল’বলৈও তেওঁলোকে শিকিছিল। সন্ধিয়া ঘৰলৈ ঘূৰি আহি শিশুসকলে ককা-আইতাৰ কাষত বহিছিল। আইতাৰ কোলাত মূৰ থৈ সাধু শুনাৰ আনন্দ আছিল সুকীয়া। বুঢ়ী আইৰ সাধু, তেজীমলাৰ সাধু, ৰজা-ৰাণীৰ সাধু আৰু লোককথাৰ মাজেৰে তেওঁলোকে নৈতিক শিক্ষা পাইছিল। মিছা কথা ক’ব নালাগে, চুৰি কৰিব নালাগে, ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে, বিপদত আনক সহায় কৰিব লাগে, এই মূল্যবোধবোৰ তেওঁলোকে সাধুৰ মাজেৰেই শিকিছিল। অতীতৰ শিশুৱে ঘৰুৱা কামতো পৰিয়ালক সহায় কৰিছিল। দেউতাকৰ সৈতে পথাৰলৈ যোৱা, মাকৰ সৈতে বাৰীৰ পৰা শাক তুলি অনা, গৰু চৰোৱা, পানী অনা, সৰু ভাই-ভনীক চোৱা, এই কামবোৰে সৰুৰে পৰা দায়িত্ববোধ আৰু পৰিশ্ৰমৰ মূল্য শিকাইছিল। খাদ্যাভ্যাসো আছিল সৰল। ঘৰত ৰন্ধা ভাত, দাইল, শাক-পাচলি, মাছ, গাখীৰেই আছিল দৈনন্দিন খাদ্য। পইতা ভাত, পিঠা-পনা, লাড়ুৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ। ফাষ্ট ফুড আৰু পেকেটজাত খাদ্যৰ প্ৰচলন তেতিয়া কম আছিল। বিহু, পূজাত নতুন কাপোৰ পোৱাৰ আনন্দ আছিল অপৰিসীম। বছৰত দুই-এজোৰ নতুন কাপোৰ পালেও শিশুৱে তাক অতি যতনেৰে ব্যৱহাৰ কৰিছিল। এখন নতুন বহী বা এটা নতুন খেলনা পালেও তেওঁলোকৰ মন আনন্দেৰে ভৰি পৰিছিল। অৱশ্যে অতীতৰ শৈশৱ সকলোৰে বাবে সমান সুখৰ নাছিল। দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, শিশুশ্ৰম, বাল্যবিবাহ আৰু স্বাস্থ্যসেৱাৰ সীমিত সুবিধাই বহু শিশুৰ জীৱন কঠিন কৰিছিল। গ্ৰামাঞ্চলৰ বহু শিশুৱে আৰ্থিক অসুবিধাৰ বাবে পঢ়া আধাতে এৰি পৰিয়ালৰ উপাৰ্জনত সহায় কৰিবলগীয়া হৈছিল। গতিকে অতীতৰ সৰলতাৰ লগতে সেই সময়ৰ সমস্যাবোৰো মনত ৰখা উচিত।

আজিৰ শিশু, ব্যস্ত, অকলশৰীয়া আৰু পৰ্দাত বন্দী? :- সময় সলনি হোৱাৰ লগে লগে বৰ্তমানৰ শৈশৱ বহু পৰিমাণে সলনি হৈছে। আজিৰ শিশুৱে জন্মৰ পৰাই প্ৰযুক্তিৰ সৈতে পৰিচিত হয়। দুই-তিনি বছৰ বয়সৰ পৰাই বহু শিশুৱে মোবাইল চলাবলৈ শিকে। ইউটিউবত পছন্দৰ কাৰ্টুন বিচাৰি উলিওৱা, শিক্ষামূলক ভিডিঅ’ চোৱা বা ডিজিটেল খেল খেলাটো তেওঁলোকৰ বাবে সহজ হৈ পৰিছে। ইয়াৰ ফলত তেওঁলোকৰ প্ৰযুক্তিগত দক্ষতা আৰু তথ্য বিচৰাৰ ক্ষমতা বৃদ্ধি পাইছে। কিন্তু একে সময়তে পৰ্দাৰ প্ৰতি আসক্তি আৰু বাস্তৱ জগতৰ পৰা আঁতৰি যোৱাৰ সমস্যাও দেখা দিছে। পৰিয়ালৰ গঠনতো পৰিৱৰ্তন আহিছে। যৌথ পৰিয়ালৰ ঠাইত এতিয়া সৰু পৰিয়াল বাঢ়িছে। মাক-দেউতাক আৰু এটা বা দুটা সন্তানক লৈ গঠিত পৰিয়াল আজি বেছি দেখা যায়। বহু ক্ষেত্ৰত ককা-আইতা গাঁৱত থাকে আৰু নাতি-নাতিনী চহৰত ডাঙৰ হয়। ফলত শিশুৱে ককা-আইতাৰ সান্নিধ্য আৰু সাধু শুনাৰ আনন্দৰ পৰা বঞ্চিত হয়। বহু পৰিয়ালত মাক-দেউতাক দুয়ো কৰ্মব্যস্ত। সন্তানৰ সৈতে মন খুলি কথা পাতিবলৈ পৰ্যাপ্ত সময় নাথাকে। এনে অৱস্থাত শিশুৱে আমনি কৰিলে বহু অভিভাৱকে হাতত মোবাইল তুলি দিয়ে। লাহে লাহে মোবাইলেই শিশুৰ মনোৰঞ্জনৰ প্ৰধান মাধ্যম হৈ পৰে। আজিৰ শিশুৰ দিনটোও ব্যস্ত। পুৱা বিদ্যালয়, আবেলি টিউচন, নৃত্য, সংগীত, চিত্ৰাংকন, সাঁতোৰ, কাৰাটে, কম্পিউটাৰ শিক্ষা, এইবোৰত দিনটো পাৰ হয়। এই কাৰ্যসূচীবোৰে প্ৰতিভা বিকাশত সহায় কৰে যদিও অত্যধিক ব্যস্ততাই মুক্ত সময় আৰু জিৰণিৰ সুযোগ কমাই দিয়ে। বহু শিশুৱে নিজৰ ইচ্ছামতে খেলিবলৈ বা বন্ধুৰ সৈতে সময় কটাবলৈ সময় নাপায়। ইয়াৰ উপৰি পৰীক্ষাত ভাল নম্বৰ পোৱাৰ চাপে শিশুৰ মনত প্ৰভাৱ পেলাইছে। বহু অভিভাৱকে সন্তানৰ পৰা অত্যধিক আশা কৰে। আন শিশুৰ সৈতে তুলনা কৰি অধিক নম্বৰ পাবলৈ হেঁচা দিয়ে। ফলত কিছুমান শিশুৰ মনত ভয়, উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি হয়। সৰু বিফলতাও তেওঁলোকৰ বাবে অসহনীয় হৈ পৰে। খাদ্যাভ্যাসতো পৰিৱৰ্তন আহিছে। ঘৰত ৰন্ধা পুষ্টিকৰ খাদ্যতকৈ পিজ্জা, বাৰ্গাৰ, ম’ম’, চিপছ, চকলেট আৰু শীতল পানীয়ৰ প্ৰতি বহু শিশুৰ আকৰ্ষণ বাঢ়িছে। এনে খাদ্যৰ অত্যধিক গ্ৰহণে স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু দীঘল সময় পৰ্দাৰ সন্মুখত বহি থকাৰ ফলত স্থূলতা, চকুৰ সমস্যা আৰু টোপনিৰ অসুবিধা বাঢ়িছে। আগৰ শিশুৱে মুকলি পথাৰত দৌৰি খেলিছিল। বৰ্তমানৰ বহু শিশুৱে ঘৰৰ ভিতৰতে মোবাইল, টেলিভিছন বা কম্পিউটাৰত সময় কটায়। ফলত ৰ’দ, বৰষুণ, মাটি, গছ-গছনি আৰু প্ৰকৃতিৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সম্পৰ্ক কমি আহিছে। আন এটা দিশ হৈছে বস্তুৰ প্ৰতি মনোভাৱ। বহু অভিভাৱকে নিজৰ শৈশৱত নোপোৱা বস্তুবোৰ সন্তানক দিব বিচাৰে। সন্তানৰ প্ৰতিটো আবদাৰ পূৰণ কৰিবলৈ চেষ্টা কৰে। ফলত কিছুমান শিশুৱে বিচৰা বস্তু লগে লগে নাপালে অসন্তুষ্ট হয়। তেওঁলোকে অপেক্ষা কৰা, ধৈৰ্য ধৰা আৰু ত্যাগৰ মূল্য বুজিবলৈ অসুবিধা পায়। এটা খেলনা ভাঙিলে লগে লগে নতুন খেলনা কিনি দিলে বস্তুৰ প্ৰতি যত্ন কমি যায়। সেয়েহে শিশুক কেৱল সুবিধা দিয়াই নহয়, অভাৱৰ মাজতো সন্তুষ্ট হৈ থকিবলৈ শিকোৱাটো প্ৰয়োজন।

তুলনা আৰু প্ৰযুক্তি, আশীৰ্বাদ নে অভিশাপ? :- দুয়োটা সময়ৰ শৈশৱত ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ আছে। অতীতৰ শিশুৰ হাতত আধুনিক সুবিধা কম আছিল যদিও জীৱনত আছিল সৰলতা, প্ৰকৃতিৰ সান্নিধ্য আৰু সামাজিক সম্পৰ্কৰ গভীৰতা। বৰ্তমানৰ শিশুৰ হাতত শিক্ষা, প্ৰযুক্তি আৰু মনোৰঞ্জনৰ বহু সুবিধা আছে যদিও প্ৰতিযোগিতা, ব্যস্ততা আৰু মানসিক চাপে জীৱন জটিল কৰিছে। আগৰ শিশুৱে প্ৰকৃতিৰ পৰা শিকিছিল। আজিৰ শিশুৱে ইণ্টাৰনেটৰ পৰা তথ্য লয়। আগৰ বন্ধুত্ব গঢ়িছিল চুবুৰীৰ ল’ৰা-ছোৱালী আৰু খেলপথাৰত। বৰ্তমানৰ বন্ধুত্ব সামাজিক মাধ্যম আৰু অনলাইন জগতলৈও বিস্তৃত হৈছে। আগৰ শিশুৱে দুখ পালে পৰিয়ালৰ জ্যেষ্ঠৰ কোলাত আশ্ৰয় বিচাৰিছিল। বৰ্তমানৰ বহু শিশুৱে মনোৰঞ্জনৰ বাবে মোবাইলৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু বৰ্তমানৰ শৈশৱক সকলো দিশতে নেতিবাচক বুলি ক’ব নোৱাৰি। আজিৰ শিশু আগৰ তুলনাত বেছি আত্মবিশ্বাসী আৰু সচেতন। তেওঁলোকে নিজৰ মতামত স্পষ্টকৈ ক’বলৈ শিকে আৰু প্ৰয়োজনত প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰে। লিংগ বৈষম্য, পৰিৱেশ সংৰক্ষণ, মানৱ অধিকাৰ আৰু সামাজিক ন্যায়ৰ প্ৰতিও তেওঁলোকৰ সচেতনতা বাঢ়িছে। ইংৰাজী, কম্পিউটাৰ, বিজ্ঞান আৰু বিশ্বৰ খবৰ সৰুৰে পৰা জানিবলৈ তেওঁলোকে সুবিধা পাইছে। ক্ৰীড়া, সংগীত, কলা আৰু বিজ্ঞানত প্ৰতিভা দেখুৱাবলৈও আজিৰ শিশুৱে বেছি সুযোগ পাইছে। আনহাতে অতীতৰ শিশুৰ মাজত সহনশীলতা, শ্ৰদ্ধা, ত্যাগ, মিলাপ্ৰীতি আৰু সহমৰ্মিতাৰ গুৰুত্ব বেছি আছিল। এজনে কিবা পালে আনৰ সৈতে ভগাই খোৱাৰ মানসিকতা আছিল। বৰ্তমানৰ শিশুৰ মাজত ব্যক্তিগত সফলতাৰ প্ৰৱণতা বাঢ়িছে। এইটো বেয়া নহয়, কিন্তু ব্যক্তিগত সফলতাৰ লগতে সামাজিক দায়বদ্ধতা আৰু মানৱীয় মূল্যবোধৰ বিকাশো সমানেই প্ৰয়োজন। গতিকে অতীতৰ ভাল গুণবোৰ ৰাখি বৰ্তমানৰ ইতিবাচক দিশবোৰ গ্ৰহণ কৰাটোৱেই আমাৰ লক্ষ্য হ’ব লাগে। এই প্ৰসংগতে প্ৰযুক্তিৰ কথা আহে। আজি প্ৰযুক্তি জীৱনৰ অবিচ্ছেদ্য অংগ। শিক্ষা, মনোৰঞ্জন আৰু জ্ঞান আহৰণত প্ৰযুক্তিয়ে নতুন দিগন্ত মুকলি কৰিছে। অনলাইন পাঠদান, শিক্ষামূলক ভিডিঅ’, ডিজিটেল পুথিভঁৰাল আৰু বিভিন্ন এপৰ জৰিয়তে শিশুৱে সহজে নতুন বিষয় শিকিব পাৰিছে। দূৰৱৰ্তী অঞ্চলৰ শিশুৱেও ইণ্টাৰনেটৰ সহায়ত শিক্ষামূলক সমল পাইছে। বিজ্ঞান, গণিত আৰু ভাষাৰ জটিল ধাৰণা ছবি, ভিডিঅ’ আৰু এনিমেচনৰ সহায়ত সহজে বুজিব পৰা হৈছে। এই দিশৰ পৰা প্ৰযুক্তি আশীৰ্বাদ। কিন্তু অপব্যৱহাৰ আৰু অত্যধিক ব্যৱহাৰে সমস্যাৰ সৃষ্টি কৰে। দীঘল সময় পৰ্দাৰ সন্মুখত থাকিলে চকুত চাপ পৰে, টোপনিত ব্যাঘাত জন্মে আৰু শাৰীৰিক সক্ৰিয়তা কমে। অনলাইনত থকা অনুপযুক্ত বিষয়বস্তু, চাইবাৰ নিৰ্যাতন আৰু অচিনাকি লোকৰ সৈতে বিপজ্জনক যোগাযোগৰ পৰাও শিশুৰ ক্ষতি হ’ব পাৰে। সেয়েহে শিশুৰ প্ৰযুক্তি ব্যৱহাৰত অভিভাৱকৰ সচেতনতা আৰু তদাৰক প্ৰয়োজন। প্ৰযুক্তিক সম্পূৰ্ণৰূপে বৰ্জন কৰা সম্ভৱো নহয়, উচিতো নহয়। ইয়াৰ সঠিক আৰু সীমিত ব্যৱহাৰ নিশ্চিত কৰিব লাগে। শিশুক বুজাব লাগিব যে প্ৰযুক্তি আমাৰ সহায়ক, প্ৰভু নহয়। মোবাইলৰ পৰ্দাৰ বাহিৰতো এখন বিশাল পৃথিৱী আছে, য’ত খেলপথাৰ, গছ-গছনি, চৰাই-চিৰিকতি, নদী-নিজৰা আৰু অসংখ্য অভিজ্ঞতাই অপেক্ষা কৰি আছে। প্ৰযুক্তি আৰু প্ৰকৃতিৰ মাজত সুস্থ ভাৰসাম্য ৰখাটোৱেই সময়ৰ আহ্বান।

আমি কি কৰিব পাৰো, শৈশৱ ঘূৰাই আনিবলৈ :- শিশুৰ শৈশৱ সুন্দৰ আৰু নিৰাপদ কৰাৰ ক্ষেত্ৰত মাক-দেউতাক আৰু শিক্ষকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। শিশুৰ শাৰীৰিক, মানসিক আৰু নৈতিক বিকাশৰ বাবে তেওঁলোকৰ মৰম, যত্ন আৰু সঠিক নিৰ্দেশনা লাগে। মাক-দেউতাকে সন্তানক কেৱল বস্তুগত সুবিধা দিলেই নহ’ব, নিজৰ মূল্যৱান সময়ো দিব লাগিব। দামী উপহাৰতকৈ মাক-দেউতাকৰ সান্নিধ্যৰ মূল্য বহুত বেছি। প্ৰতিদিনে অলপ সময় সন্তানৰ সৈতে বহি কথা পতা, তেওঁলোকৰ দিনটোৰ অভিজ্ঞতা শুনা আৰু সমস্যাৰ সময়ত কাষত থকাটো অতি প্ৰয়োজন। শিশুক আনৰ সৈতে তুলনা কৰিব নালাগে। চুবুৰীৰ ৰামে পৰীক্ষাত ৯৫ শতাংশ পাইছে, তুমি কিয় নাপালা, এনে মন্তব্যই শিশুৰ আত্মবিশ্বাস কমাই দিয়ে। প্ৰতিটো শিশুৰ নিজস্ব প্ৰতিভা, আগ্ৰহ আৰু শিকাৰ ক্ষমতা থাকে। কোনোৱে পঢ়াত ভাল, কোনোৱে খেলত, কোনোৱে সংগীতত, কোনোৱে চিত্ৰকলাত পাৰদৰ্শী। সেয়েহে প্ৰতিটো শিশুৰ বিশেষত্ব চিনাক্ত কৰি তেওঁলোকক নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিব লাগে। বিফল হ’লে গালি পৰাৰ সলনি সাহস আৰু উৎসাহ দিব লাগে। শিক্ষকৰ দায়িত্ব কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়াতে শেষ নহয়। শিশুক ভাল মানুহ হিচাপে গঢ়ি তোলাতো তেওঁলোকৰ অৱদান অপৰিসীম। সততা, শৃংখলাবোধ, মৰম, শ্ৰদ্ধা, সহনশীলতা আৰু সাহসৰ শিক্ষা বিদ্যালয়ৰ পৰিৱেশৰ মাজেৰেই দিব লাগে। বিদ্যালয়ত নিয়মীয়াকৈ খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান, তৰ্ক প্ৰতিযোগিতা, গছপুলি ৰোপণ, সমাজসেৱা আৰু সৃষ্টিশীল কাৰ্যকলাপৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ ফলত শিশুৰ মাজত আত্মবিশ্বাস, নেতৃত্বৰ গুণ আৰু সামাজিক দায়বদ্ধতা বাঢ়িব। শিশু দিৱসত কেৱল অনুষ্ঠান পাতি, কেক কাটি বা উপহাৰ দিলেই দায়িত্ব শেষ নহয়। শিশুৰ সুস্থ শৈশৱৰ বাবে কিছুমান বাস্তৱ পদক্ষেপ ল’ব লাগিব। প্ৰথমতে, প্ৰতিটো শিশুক দৈনিক অন্ততঃ এঘণ্টা মুকলিকৈ খেলিবলৈ উৎসাহিত কৰিব লাগে। খেলে শৰীৰ সুস্থ ৰখাৰ লগতে মনকো প্ৰফুল্ল কৰে। দ্বিতীয়তে, সাধু শুনোৱাৰ অভ্যাস গঢ়িব লাগে আৰু কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব লাগে। ইয়াৰ ফলত কল্পনাশক্তি, ভাষাজ্ঞান আৰু চিন্তা কৰাৰ ক্ষমতা বাঢ়িব। তৃতীয়তে, মোবাইল, টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ ব্যৱহাৰত যুক্তিসংগত নিয়ম ৰাখিব লাগে। বয়স অনুসৰি পৰ্দা ব্যৱহাৰৰ সময় সীমিত কৰাৰ লগতে শিশুৱে কি চাইছে, তাৰ প্ৰতিও নজৰ ৰাখিব লাগে। চতুৰ্থতে, পৰীক্ষাৰ নম্বৰতকৈ শিশুৰ মানসিক শান্তি, আত্মবিশ্বাস আৰু সামগ্ৰিক সুখক বেছি গুৰুত্ব দিব লাগে। তেওঁলোকৰ ওপৰত অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰ চাপ দিব নালাগে। পঞ্চমতে, শিশুক প্ৰকৃতিৰ সৈতে চিনাকি কৰাই দিব লাগে। গছপুলি ৰোপণ, চৰাই পৰ্যবেক্ষণ, বৰষুণৰ সৌন্দৰ্য উপভোগ, বাৰীত কাম কৰা আৰু মাটিৰ সৈতে সম্পৰ্ক গঢ়াৰ সুযোগ দিব লাগে। ইয়াৰ ফলত প্ৰকৃতিৰ প্ৰতি মৰম আৰু পৰিৱেশ সংৰক্ষণৰ দায়িত্ববোধ গঢ় লৈ উঠিব। ষষ্ঠতে, শিশুক শ্ৰমৰ মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতা শিকাব লাগে। নিজৰ কিতাপ, খেলনা আৰু কাপোৰ সঠিকভাৱে ৰখা, নিজৰ কাম নিজে কৰা আৰু ঘৰুৱা সৰু কামত সহায় কৰাৰ অভ্যাস গঢ়িব লাগে। সপ্তমতে, সমাজৰ সকলো শিশুৱে যাতে সমান শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা আৰু নিৰাপত্তা পায়, তাৰ বাবে সচেতন হ’ব লাগিব। দৰিদ্ৰ আৰু সুবিধাবঞ্চিত শিশুৰ প্ৰতিও সহানুভূতিশীল হ’ব লাগিব। কোনো শিশুৱেই যাতে আৰ্থিক বা সামাজিক কাৰণত নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে পৰিয়াল, বিদ্যালয়, সমাজ আৰু চৰকাৰে একেলগে কাম কৰিব লাগিব।

শিশু ফুলৰ দৰে কোমল। উপযুক্ত মৰম, যত্ন আৰু সুস্থ পৰিৱেশ পালে এই ফুলবোৰ সুন্দৰকৈ ফুলিব পাৰে। অতীতৰ সৰলতা, শ্ৰদ্ধা, সহনশীলতা আৰু সামাজিক মূল্যবোধৰ সৈতে বৰ্তমানৰ জ্ঞান, সাহস, আত্মবিশ্বাস আৰু প্ৰযুক্তিগত দক্ষতাৰ সমন্বয় ঘটাব পাৰিলেহে আমি এখন সুন্দৰ ভৱিষ্যৎ গঢ়িব পাৰিম। শিশুক কেৱল ভাল নম্বৰ পোৱা বা প্ৰতিযোগিতাত জয়ী হোৱা যন্ত্ৰ হিচাপে গঢ়িব নালাগে। তেওঁলোকক সৎ, সংবেদনশীল, দায়িত্বশীল আৰু মানৱীয় গুণসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তোলাটোহে আমাৰ প্ৰধান লক্ষ্য হ’ব লাগে। আহক, এই শিশু দিৱসত আমি সংকল্প লওঁ, আমাৰ শিশুৰ শৈশৱক সুৰক্ষিত, সুন্দৰ আৰু আনন্দময় কৰি তুলিম। তেওঁলোকক খেলিবলৈ দিম, হাঁহিবলৈ দিম, সপোন দেখিবলৈ দিম, ভুল কৰিবলৈ দিম আৰু সেই ভুলৰ পৰা শিকি আগবাঢ়িবলৈ সাহস দিম। তেওঁলোকৰ ওপৰত নিজৰ সপোন জাপি নিদি তেওঁলোকৰ নিজস্ব প্ৰতিভাক সন্মান জনাম। কাৰণ শিশু কেৱল এটা পৰিয়ালৰ ভৱিষ্যৎ নহয়, তেওঁলোক সমাজ আৰু সমগ্ৰ দেশৰো ভৱিষ্যৎ। শিশুৰ মুখৰ হাঁহিয়েই ঘৰৰ সৌন্দৰ্য, সমাজৰ প্ৰাণ আৰু দেশৰ আশাৰ প্ৰতীক। সেয়েহে শিশুৰ শৈশৱ সুন্দৰ কৰাটো কেৱল অভিভাৱক বা শিক্ষকৰ দায়িত্ব নহয়, ই আমাৰ সকলোৰে সামূহিক দায়িত্ব। শিশুৱে হাঁহিলেহে ঘৰ ধুনীয়া লাগে, সমাজ ধুনীয়া লাগে আৰু দেশো ধুনীয়া হৈ উঠে।