ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা মহানগৰ আৰক্ষীৰ

ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা মহানগৰ আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত শেহতীয়াকৈ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ দুটাকৈ শিহৰণকাৰী ডকাইতি–হত্যাকাণ্ডৰ পিছতো দুৰ্বৃত্তৰ তথ্য বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী যদিও তথ্য পোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে। পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ পিছত এতিয়া নয়নপুৰৰ ডমিন’জৰ ডকাইতি কাণ্ডৰো কোনো ক্লু পোৱা নাই মহানগৰ আৰক্ষীয়ে। উল্লেখ্য যে, ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো ক্লু বিচাৰি নাপাই আৰক্ষীয়ে অৱশেষত হত্যাকাৰীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। লগতে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিবলৈ এটা হোৱাটচএপ নম্বৰ শ্বেয়াৰ কৰে। এই নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।