শ্ৰীলংকাৰ ক্ৰিকেটাৰ চামিকা কৰুণাৰত্নেক টি-২০ বিশ্বকাপত অনুশাসনহীনতাৰ বাবে ১ বছৰৰ বাবে নিষিদ্ধ

pc- ANI News

শ্ৰীলংকাৰ ক্ৰিকেটাৰ চামিকা কৰুণাৰত্নেক টি-২০ বিশ্বকাপত অনুশাসনহীনতাৰ বাবে ১ বছৰৰ বাবে নিষিদ্ধ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ অলৰাউণ্ডাৰ চামিকা কৰুণাৰত্নেক শ্ৰীলংকা ক্ৰিকেট (এছএলচি)ৰ দ্বাৰা অনুশাসনহীনতাৰ বাবে এবছৰৰ নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। ২৬ বছৰীয়া ক্ৰিকেটাৰজনে অষ্ট্ৰেলিয়াত শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ বিশ্বকাপ ২০২২ৰ সময়ত এছএলচিৰ খেলুৱৈ চুক্তিৰ একাধিক ধাৰা উলংঘা কৰা দেখা গৈছিল। অলৰাউণ্ডাৰগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ স্বীকাৰ কৰে। ইয়াৰ উপৰিও তেওঁক ৫ হাজাৰ ডলাৰ জৰিমনা বিহা হৈছে।