আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন

Pc Twitter

আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন।৪৬বছৰৰ দেওনা পাৰ কৰিলে অসমবাসীৰ অতি মৰমৰ কন্ঠশিল্পী গৰাকীয়ে।২৪ নৱেম্বৰ ১৯৭৬চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল অংগৰাগ পাপন মহন্তই। অসমৰ দুই অতি জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্তৰ আৰু অৰ্চনা মহন্তৰ পুত্ৰ অংগৰাগ।সেয়ে তেওঁ সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে।২০০৫ চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম “জোনাকী ৰাতি”, যাৰ জৰিয়তেই তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে।তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবামৰ “চিনাকি অচিনাকি।” কেৱল অসমীয়া সংগীত জগততে নহয় হিন্দী ছবি জগততো এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে পাপনে।বলীউদৰ কেইবাখনো চলচ্চিত্ৰত পাপনে কন্ঠদান কৰি শ্ৰোতাৰ মাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।