ৰঙালী বিহুৰ আনন্দ
দিপজ্যোতি বৰদলৈ
জামুগুৰিহাট
অসমৰ বুকুত বসন্তৰ আগমনৰ লগে লগে যি উৎসৱে সজীৱতা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনে, সেইয়া হ’ল ৰঙালী বিহু।ৰঙালী বিহুৰ আনন্দ এইবাৰ ম্লান।ক’ৰবাত হেৰাই গৈছে বিহুৰ আনন্দ।
ব’হাগ মাহ আৰম্ভ হোৱাৰ লগে লগে গাঁৱৰ পথাৰ, নগৰৰ ৰাস্তা, সকলোতে এক নতুন উল্লাস দেখা যায়। কপৌ ফুলে গছত ফুলি উঠে, ঢোল-পেঁপাৰ সুৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।এই সময়ত ডেকা গাভৰুৰ হৃদয়ত অনুভূতি জাগে, নতুন আশা, নতুন প্ৰেম, আৰু জীৱনৰ নতুন সুৰ।
ৰঙালী বিহুৰ অন্যতম বিশেষত্ব হ’ল বিহু নাচ আৰু গীত।ঢোলৰ তালত, পেঁপাৰ সুৰত যেতিয়া ডেকা-গাভৰুয়ে একেলগে নাচে, তেতিয়া সেই দৃশ্যই এক অনন্য সৌন্দৰ্য সৃষ্টি কৰে। গাভৰুসকলৰ মেখেলা-চাদৰ, কপৌ ফুলেৰে সজোৱা চুলি, আৰু ডেকাসকলৰ চুৰিয়া আৰু গামোচা এই সাজ মিলি ৰঙালী বিহুক এক বিশেষ ৰূপ দিয়ে। এই নাচ-গীতৰ মাজতে হৃদয়ৰ অনুভূতি অধিক গভীৰ হৈ উঠে।
বিহুৰ দিনত মানুহে একেলগে মিলি-জুলি খাই, হাঁহি-ধেমালি কৰে। পিঠা-পনা, লাৰু, দৈ-চিৰা আদি পৰম্পৰাগত খাদ্য সমূহে অসমীয়াৰ প্ৰাণৰ উৎসৱটো অধিক মিঠা কৰি তোলে।পৰিয়ালৰ সকলো সদস্যই একেলগে সময় কটোৱা, সৰুয়ে জ্যেষ্ঠ জনৰ পৰা আশীষ লোৱা, আত্মীয়-স্বজনৰ লগত মিলন এইয়াই ৰঙালী বিহুৰ মূল আনন্দ।
ৰঙালী বিহু ই কেৱল আনন্দৰ প্ৰকাশ নহয়, ই এক অন্তৰঙ্গ অনুভূতি। বসন্তৰ মিঠা বতাহে যেন হৃদয় স্পৰ্শ কৰে, মনত এক অজান কঁপনি জাগে। এই কঁপনি কেতিয়াবা প্ৰেমৰ, কেতিয়াবা স্মৃতিৰ, আৰু কেতিয়াবা নতুন জীৱনৰ আশা বৈ আনে।
আজিৰ আধুনিক যুগতো ৰঙালী বিহুৰ এই অনুভূতি কমি যোৱা নাই। যদিও নগৰীয়া জীৱনত ব্যস্ততা বৃদ্ধি পাইছে, তথাপিও মানুহে এই উৎসৱত নিজৰ সংস্কৃতি আৰু পৰম্পৰা পুনৰ স্মৰণ কৰে। বিহুৱে সকলোকে একেলগে আনে, জাতি-ধৰ্মৰ ভেদাভেদক পাহৰাই দিয়ে।
ৰঙালী বিহু হৈছে অসমৰ আত্মা।ই কেৱল এটা উৎসৱ নহয়, ই মানুহৰ অনুভূতি, সংস্কৃতি আৰু একতাৰ প্ৰতীক। এই অনুভূতি অসমীয়াৰ হৃদয়ত চিৰদিনে বাস কৰি থাকিব আৰু প্ৰতিটো ব’হাগত নতুনকৈ ফুলি উঠিব।
