৮ জনলোকৰ অন্তৰংগ সমাৱেশ কোনো পাৰ্টি নহয়, মোৰ ঘৰ টো কোভিড-১৯ৰ হটস্পট নহয়: কৰণ জোহৰ

Pc theindian Express

৮ জনলোকৰ অন্তৰংগ সমাৱেশ কোনো পাৰ্টি নহয়, মোৰ ঘৰ টো কোভিড-১৯ৰ হটস্পট নহয়: কৰণ জোহৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কৰণ জোহৰৰ ঘৰত নৈশ ভোজত অংশ গ্ৰহণ কৰাৰ পিছত কৰীণা কাপুৰ আৰু আন তিনিজন কৰ’নাত সংক্ৰমিত হোৱাৰ পিছত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰেই তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল যে তেওঁ আৰু তেওঁৰ পৰিয়ালে কৰ’নাৰ পৰীক্ষাত নিগেটিভ হৈছিল ।তেওঁ লিখিছিল, “সংবাদ মাধ্যমৰ কিছুমান সদস্যৰ বাবে মই স্পষ্ট কৰিব বিচাৰো যে আঠ জনীয়া অন্তৰংগ সমাৱেশ এটা ‘পাৰ্টি’ নহয় আৰু মোৰ ঘৰটো নিশ্চিতভাৱে কোভিড-১৯ৰ কোনো ‘হটস্পট’ নহয়।”