৫০ৰ দশকৰ পৰা ফ্ৰান্সৰ গির্জাসমূহত বহু হাজাৰ শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা

Pc- BBc

৫০ৰ দশকৰ পৰা ফ্ৰান্সৰ গির্জাসমূহত বহু হাজাৰ শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ফ্ৰান্সৰ লুৰ্ডৰ গির্জাত শিশুসকলৰ ওপৰত চলা যৌন নির্যাতনৰ বিৰুদ্ধে ক্ষমা বিচাৰি এক প্রার্থনা সভাত চামিল হয় ফৰাচী যাজকসকল। এই গির্জাসমূহত বছৰৰ পিছত বছৰ ধৰি শিশুসকলৰ ওপৰত যৌন নির্যাতনৰ অভিযোগ উঠি আহিছে। যাজকসকলে এই প্রার্থনা সভাত অনুশোচনা ব্যক্ত কৰে ।৫০ৰ দশকৰ পৰা ফ্ৰান্সৰ গির্জাসমূহত বহু হাজাৰ শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা ঘটিছে বুলি অভিযোগ উঠিছে।  এক প্ৰতিবেদন অনুসৰি তিনি হাজাৰ ধৰ্ম যাজকৰ বিৰুদ্ধে শিশুক যৌন নির্যাতন চলোৱাৰ প্ৰামাণিক তথ্য আছে। এই ভয়াবহ অভিযোগৰ কথা স্বীকাৰ কৰাৰ উপৰি যাজকসকলে সমগ্র দেশবাসীৰ লগতে নির্যাতিতা লোকসকলৰ ওচৰত ক্ষমা বিচাৰিছে। লুৰ্ভত  ১২০গৰাকী আকবিছপ, বিছপে সাধাৰণ জনতাৰ ওপৰত আঠুকাঢ়ি ক্ষমা বিচাৰে।