২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ শ্ৰীলংকাত এছিয়া কাপ

pc SportsUnfold

২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ শ্ৰীলংকাত এছিয়া কাপ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাই ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ এছিয়া কাপ ২০২২ আয়োজন কৰিব। প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত খেলা হ’ব। ইয়াৰ বাবে কোৱালিফায়াৰ ২০ আগষ্টৰ পৰা খেলা হ’ব। প্ৰতিযোগিতাখনত ছয়টা দল থাকিব, যাৰ ভিতৰত আছে ভাৰত, পাকিস্তান, আফগানিস্তান, বাংলাদেশ আৰু আয়োজক শ্ৰীলংকা আৰু এটা দলে অংশ ল’ব।ইউ এ ই, কুৱেইট,ছিংগাপুৰ আৰু হংকঙৰ মাজৰ পৰা যিকোনো এটা দলে কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মাধ্যমেৰে এছিয়াকাপত অংশ লোৱাৰ সুযোগ পাব।  লক্ষণীয়ভাৱে, ভাৰত হৈছে ডিফেণ্ডিং চেম্পিয়ন।