১ মাহত ২৫,০০০ চাকৰিৰ জাননী দিয়া হ’ব: কেবিনেট বৈঠকৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী

pc hindustan times

১ মাহত ২৫,০০০ চাকৰিৰ জাননী দিয়া হ’ব: কেবিনেট বৈঠকৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁৰ প্ৰথম কেবিনেট বৈঠকত সভাপতিত্ব কৰিছিল আৰু প্ৰথম কেবিনেট বৈঠকত মুঠ ২৫,০০০ চৰকাৰী চাকৰি প্ৰদানকৰাৰ প্ৰস্তাৱ গৃহীত কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, “এই ঐতিহাসিক সিদ্ধান্তই এক স্বচ্ছ আৰু যোগ্যতা-আধাৰিত প্ৰণালীৰ জৰিয়তে চৰকাৰী খণ্ডত চাকৰি প্ৰদান কৰি যুৱসকলৰ বাবে নিযুক্তিৰ নতুন দিশ মুকলি কৰিব।” “মুঠ ২৫,০০০ চৰকাৰী চাকৰিৰ ভিতৰত ১০,০০০ লোকক পঞ্জাৱ আৰক্ষীৰ বিভিন্ন পদৰ বাবে আগবঢ়োৱা হ’ব আনহাতে বাকী ১৫,০০০ চাকৰি আন বিভাগত দিয়া হ’ব। এই চাকৰিবোৰৰ বিজ্ঞাপন আৰু অধিসূচনাৰ প্ৰক্ৰিয়া এমাহৰ ভিতৰত আৰম্ভ কৰা হ’ব,” মুখপাত্ৰজনে লগতে কয়।