১০ ৰাজ্যত পুনৰ  কৰʼনাৰ সংক্ৰমণ বৃদ্ধি- উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

pc-BBC

১০ ৰাজ্যত পুনৰ  কৰʼনাৰ সংক্ৰমণ বৃদ্ধি- উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

অনলাইন বাৰ্ত্তাসেৱা– দেশৰ ১০ খন ৰাজ্যত কৰʼনাৰ সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলয়ে কৰʼনাৰ সংক্ৰমণৰ হাৰ ১০ শতাংশৰ অধিক আৰু ৫-১০ শতাংশৰ ভিতৰত থকা জিলাসমূহত জনসাধাৰণৰ গতি-বিধিৰ লগতে জনসমাগম সম্পূৰ্ণৰূপে বন্ধ অথবাসীমিত কৰাৰ পদক্ষেপ লʼবলৈ ৰাজ্যসমূহক নিৰ্দেশ তথা পৰামৰ্শ দিছে । কৰʼনাৰ সংক্ৰমণ ঊৰ্ধ্বমুখী অৱস্থাত থকা ১০ খন ৰাজ্য কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু,ওড়িষা, অসম, মিজোৰাম, মেঘালয়, অন্ধ্ৰপ্ৰদেশ আৰু মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচন কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত বিস্তৃত ব্যাখ্যাৰে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

(R.T)