হৰ ঘৰ তিৰংগা কাৰ্যসূচী ডিব্ৰুগড়ত দৰিদ্ৰ পৰিয়ালৰ মাজত জাতীয় পতাকা বিতৰণ 

Pc India Map

হৰ ঘৰ তিৰংগা কাৰ্যসূচী ডিব্ৰুগড়ত দৰিদ্ৰ পৰিয়ালৰ মাজত জাতীয় পতাকা বিতৰণ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে ডিব্ৰুগড়ত দৰিদ্ৰ পৰিয়ালসমূহলৈ জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়াইছে ডিব্ৰুগড় জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে। ডিব্ৰুগড় জিলাৰ জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জনােৱা অনুসৰি তেওঁলােকৰ কাৰ্যালয়ৰ প্রায় ১৫ গৰাকী বিষয়া-কৰ্মচাৰীয়ে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ পূর্তি উপলক্ষে জাতীয় পতাকা ক্ৰয় কৰি দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰিছিল। সেইমর্মে তেওঁলােকে যােৱা দুদিন ধৰি ডিব্ৰুগড় নগৰৰ উদয়পুৰৰ ডিব্রু ভলীবল প্রশিক্ষণ কেন্দ্ৰত, খনিকৰত অৱস্থিত ষ্টেডিয়ামৰ আশে-পাশে থকা বাসিন্দাসকলৰ লগতে খলিহামাৰী, মিলন নগৰ, বৰবৰুৱাৰ ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰপথাৰ ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰৰ বাসিন্দাসকল আৰু বাণীপুৰ এথলেটিক কোচিঙ চেণ্টাৰৰ প্রশিক্ষার্থীসকলৰ মাজত প্রায় ৩০০ খন জাতীয় পতাকা বিতৰণ কৰে। উল্লেখ্য যে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূর্তি এই পবিত্র ক্ষণত দৰিদ্ৰ পৰিয়ালসমূহেও যাতে নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি কার্যালয়টোৱে এই পদক্ষেপ হাতত লােৱা বুলি জানিবলৈ দিয়ে।