হ্রাস পালে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য
ৰঙিলী বাৰ্ত্তাসেৱা- জুলাই মাহৰ প্ৰথম দিনটোতে গ্ৰাহকৰ বাবে আহিল এক ভাল খবৰ ৷ হ্ৰাস পালে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ বিগত সময়ছোৱাত ব্যাপকভাৱে দাম বৃদ্ধি কৰাৰ পাছত ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকালৈ হ্ৰাস কৰা হৈছে।মাহৰ আৰম্ভণিতে ৰন্ধন গেছৰ দাম ঘোষণা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উঠা-নমাৰ ওপৰত এই দাম নিৰ্ভৰ কৰে। কেতিয়াবা বঢ়োৱা হয়, কেতিয়াবা কমোৱা হয়। পিছে যোৱা কেইবামাহো ধৰি একেৰাহে বৃদ্ধি পাইছিল বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম। প্রকাশিত তথ্য মতে, বছৰটোৰ আৰম্ভণিতে অর্থাৎ ১ জানুৱাৰীত একেকোবে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হয় ১১১ টকাকৈ। ফেব্ৰুৱাৰীতো পুনৰ ৪৯ টকাকৈ বৃদ্ধি হয় বাণিজ্যিক ৰন্ধন গেছৰ দাম। মাৰ্চৰ আৰম্ভণিতে ইয়াৰ দাম বঢ়োৱা হয় ৩১ টকাকৈ। এপ্রিল মাহত যুদ্ধৰ পৰিপ্ৰেক্ষিতত ২১৮ টকাকৈ বৃদ্ধি কৰা হয়। মে’ মাহত বঢ়োৱা হয় ৯৯৩ টকাকৈ। জুনত বাড়ে ৫৩ টকাকৈ। ইৰান যুদ্ধৰ পৰিস্থিতি চম্ভালি হোটেল-ৰেস্তোৰাঁ আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে এলপিজি সৰবৰাহ আগৰ পৰ্যায়লৈ ওভতাই অনাটোৱেই লক্ষ্য কেন্দ্ৰৰ। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নির্দিষ্ট কিছুমান শিতানত আৰোপিত বাধা-নিষেধ প্রত্যাহাৰ কৰাৰ কেইদিনমানৰ ভিতৰতে এই পদক্ষেপ গ্রহণ কৰা হয়।
