ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ ১৩ সংখ্যক সাধাৰণ সভা সম্পন্ন

ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ ১৩ সংখ্যক সাধাৰণ সভা সম্পন্ন

ড° অদিতি কোঁৱৰ গগৈ সভাপতি, মীণাক্ষী দাস বৰুৱা আৰু ড° ইন্দ্ৰানী সেনগুপ্তা সম্পাদক নিৰ্বাচিত

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ ১৩ সংখ্যক সাধাৰণ সভাখন মহাবিদ্যালয় চৌহদত শান্তিপূৰ্ণ আৰু সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়। মহিলা শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত এই শিক্ষানুষ্ঠানত অনুষ্ঠিত সভাত ২০২৬-২৮ বৰ্ষৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ২০২৪-২০২৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ সভাপতি ৰূপালী মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভড়ালী, আইকিউএচি-ৰ সমন্বয়ক অশ্বিনী মাৰ্চ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° শেৱালী বৰবৰা, প্ৰাক্তন উপাধ্যক্ষ ড° প্ৰাতসলতা বুঢ়াগোহাঁই, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° সন্ধ্যাৰানী দেৱী আৰু ষাঠিৰ দশকৰ প্ৰাক্তন ছাত্ৰী আইজনী বৰা।সভাৰ আৰম্ভণিতে সহকাৰী সম্পাদক মৈত্ৰেয়ী ভৌমিকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। পুৰণি সমিতিৰ সম্পাদক ড° ইন্দ্ৰানী সেনগুপ্তাই বিগত দুবছৰীয়া কাৰ্যকালৰ সম্পূৰ্ণ প্ৰতিবেদন পাঠ কৰে আৰু কোষাধ্যক্ষ কৃষ্ণা গগৈয়ে আয়-ব্যয়ৰ হিচাপ-নিকাচ দাখিল কৰে। সভাত প্ৰতিবেদন আৰু হিচাপ-নিকাচ গৃহীত হোৱাৰ পাছতে পুৰণি সমিতিখন আনুষ্ঠানিকভাৱে ভংগ কৰা হয়। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি নতুন সমিতি গঠনৰ ক্ষেত্ৰত ড° অদিতি কোঁৱৰ গগৈক সভাপতি, মীণাক্ষী দাস বৰুৱা আৰু ড° ইন্দ্ৰানী সেনগুপ্তাক সম্পাদক, পল্লৱী দাসক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি মুঠ ১১ জনীয়া এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।সভাত উপস্থিত বিশিষ্ট অতিথিসকলে মহাবিদ্যালয়খনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰসংগত গঠনমূলক বক্তব্য আগবঢ়াই নতুন সমিতিখনলৈ শুভেচ্ছা জ্ঞাপন কৰে। নৱ- নির্বাচিত সম্পাদক মীণাক্ষী দাস বৰুৱাই আগন্তুক দিনত সকলোৰে সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ কামনা কৰি মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰি যোৱাৰ অঙ্গীকাৰ ব্যক্ত কৰে। সভাত জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰী আইজনী বৰাৰ লগতে মুঠ ১৪ গৰাকী প্ৰাক্তন ছাত্ৰীক আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। মহাবিদ্যালয়ৰ বহু শিক্ষাগুৰু আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত অৰ্ধশতাধিক প্ৰাক্তন ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ অন্তত সভাপতি ৰূপালী মজুমদাৰে সামৰণি মন্তব্য আগবঢ়ায় আৰু মৈত্ৰেয়ী ভৌমিকে শলাগৰ শৰাই আগবঢ়ায়।