হে মহান- স্বাগতা বৰুৱা গোস্বামী

Pc News 18 Bengali

হে মহান

তোমাৰ ওচৰত আছে
হাজাৰজনৰ ঠিকনা,
তুমিয়েই দেখিছা সৃষ্টি
দেখিছা তুমি ধ্বংস
তোমাৰ ছত্ৰছায়াত
হাজাৰ জনে লয় জিৰণি
পাইছা তুমি
অনেকজনৰ ঠিকনা
কোনো যদি বিখ্যাত,
কোনো আকৌ চোৰ দগাবাজ..
সকলোৱে কয় ক্ষনভঙ্গুৰ মানৱদেহাৰ তুমিয়েই শ্ৰেষ্ঠ
কাৰণ তুমি দেখিছা
আত্মা পৰমাত্মাৰ মিলন
ধন্য তোমাৰ জীৱন
নিস্বাৰ্থ ভাবে বিলাই দিছা
তোমাৰ জীৱন
হে মহান
কি নামেৰে তোমাক সম্বোধন কৰিম
তুমিয়েই পবিত্ৰ ভূমি ৰখীয়া
শ্মশান ৰখী দেবদূত

স্বাগতা বৰুৱা গোস্বামী