১১ মে’ত ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ

১১ মে’ত ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- ১ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰৰ দ্বিতীয় বৰ্ষপূর্তিত ৰাজ্য চৰকাৰে ৫১,৪০০জন প্রার্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব। দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত অহা ১১ মে’ত ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ৩ মে’ত তৃতীয়বর্গৰ আৰু ৪ মে’ত চতুৰ্থবৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য যে ১ লাখ নিযুক্তি প্ৰদানৰ অংশস্বৰূপে ৰাজ্য চৰকাৰে বিগত বৰ্ষত চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদ পূৰণৰ সিদ্ধান্ত লৈছিল। মুঠ ৫০ হাজাৰতকৈ অধিক খালী হৈ থকা পদত নিযুক্তি দিয়াৰ বাবে গঠন কৰা হৈছিল নিযুক্তি আয়োগ।তৃতীয়বর্গৰ ১৩,১৪১টা পদ, চতুৰ্থবৰ্গৰ ১৩,৩০০টা পদৰ লগতে বন বিভাগৰ ৫,৭৩০ আৰু স্বাস্থ্য বিভাগৰ ৫৭৯৯টা পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলিছিল। এই সমুদায় পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত উত্তীৰ্ণসকলৰ মাজত মৌখিক পৰীক্ষা অনুষ্ঠিত হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহত মৌখিক পৰীক্ষা সম্পন্ন কৰাৰ পাছতেই অহা ১১ মে’ত নিযুক্তি প্ৰদানৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূর্তিত এই বৃহৎসংখ্যক নিযুক্তি-পত্ৰ প্ৰদানৰ বাবে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ আনুষ্ঠানিক নিযুক্তি-পত্ৰ প্ৰদানেৰে ইয়াৰ শুভাৰম্ভ কৰিব। আজি কেবিনেটে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত সদৰী কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ১১ মে’ত নিযুক্তি-পত্ৰ প্ৰদানৰ পাছতেই যিসকল যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব, তেওঁলোকে ১ জুনত চাকৰিত যোগদান কৰিব লাগিব।