হে মহান শিল্পী…- নন্দেশ্বৰ মিলি

Pc DigitalDefynd

হে মহান শিল্পী…

গাই যোৱা হে মহান শিল্পী!
প্ৰেম আৰু শান্তিৰ গান
কলুষিত আৰু এলান্ধুৰে ভৰা সমাজক
দিয়া বিলাই অমৃত জ্ঞান।
সহনশীলতা-বিশ্বাসৰ সুৰেৰে
উদাৰতা-নিৰপেক্ষ ভাষাৰে
সজোৱা তোমাৰ গান
কৰ্ম আৰু সংস্কৃতি ছন্দেৰে
মাটি গোন্ধ থকা কণ্ঠেৰে
দিয়া সমাজক দান।
অস্ত্র-শস্ত্ৰৰে শৰৱিদ্ধ মানৱক
দিয়া অহিংসা-ত্যাগৰ বাণী
ঐক্য-সংহতি জৰীৰে
বান্ধি ৰাখা সেই সমাজৰ গাঁথি।
ন্যায়-সমতা,ভাতৃত্ববোধৰ জুৰি
দিয়া বোৱাই হে মহান শিল্পী
মানৱতাৰ ঠিকনাৰে সজোৱা
সেই বিশ্বক সেউজী।

নন্দেশ্বৰ মিলি