“হেঁপাহৰ ঘৰ”- হিমাদ্ৰী বৰকটকী

“হেঁপাহৰ ঘৰ”

ৰাজু দৌৰি দৌৰি আহিছে বৰমা বৰমা চিঞৰি। দেউতাৰ কি হৈছে চাওঁকহিচোন বেগেতে । ৰাজু হ’ল জীৱন শৰ্মাৰ ঘৰত থকা বনকৰা ল’ৰা। মই লৰালৰিকৈ শৰ্মাৰ ঘৰলৈ গৈ দেখিলোঁ শৰ্মাৰ মাতবোল নাই। মই কি কৰোঁ কাক মাতো মূৰে কাম নকৰা হৈছে। শৰ্মানীয়ে শৰ্মা‌ৰ কাষতে বহি কান্দি আছে। মই লৰালৰিকৈ ডক্টৰ বৰাক ফোন কৰিলোঁ।তেখেত আহিল লগে লগে। ডক্টৰে চাই ক’লে শৰ্মাৰ pressure strock hoise . আপোনালোকে শীঘ্ৰে চিকিৎসালয় ললৈ লৈ যাওঁক। ডক্টৰ বৰাই নিজেই তেওঁৰ গাড়ীত উঠাই চিকিৎসালয় লৈ গ’ল শৰ্মাক। লগে লগে ICU ত ভৰ্তি কৰালে । ICU ত দুদিন থকাৰ পিছত তৃতীয় দিনা শৰ্মাৰ আৰু ইহ সংসাৰত নাই বুলি ডক্টৰে পৰিয়ালক জঁনালে। ল’ৰাটো বাহিৰত থাকে।
সি বাহিৰৰ ছোৱালী বিয়া পাতি তাতেই থাকে। খবৰ দিছে কিন্তু কৰুণাৰ কাৰনে আহিবলৈ নিদিলে অসমলৈ। সকলো যাতায়তৰ ব্যৱস্থা বন্ধ কৰি থৈছে। এতিয়া সৎকাৰৰ কোনে কৰিব তাক লৈ চিন্তা হৈছে। ৰাজু আগবাঢ়ি আহিল আৰু শৰ্মানীক ক’লে ময়েই সৎকাৰ কৰিম বৰমা। শৰ্মানীৰ দুচকুৰে চকুলো ববলৈ ধৰিলে। তাৰ মহানতা দেখি সকলো মানুহৰে চকু থৰ হৈ গ’ল। ৰাজুয়ে নিজৰ ল’ৰাৰ দৰে কামখিনি কৰিলে।
জীৱন শৰ্মা এজন চৰকাৰী চাকৰিয়াল আছিল । তেওঁ এখন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেখেতৰ পত্নী অঞ্জলি বৰ সাদৰি আৰু সৰবৰহী মহিলা । শৰ্মা ডাঙৰীয়াক তেওঁৰ হাঁহিমুখীয়া আৰু সততা গুনটোৰ বাবে বিদ্যালয়ত তেওঁক সকলোৱে ভাল পাইছিল। তেওঁৰ ল’ৰাই পঢ়ি শুনি কোম্পানীত
চাকৰি কৰি বাহিৰতে থাকে। তেওঁলোক ক’বলৈ গ’লে দুয়ো অকলশৰীয়া । সেইকাৰণে নিজকে সামাজিক কামত ব্যস্ত কৰি ৰাখে আজিকালি সৰু পৰিয়ালত এনেকুৱাই হয়।ৰখীয়া হিচাপে এটা ল’ৰা আছে। তাৰ নাম ৰাজু। সি নিজৰ ল’ৰাৰ নিচিনা। সি শৰ্মা দম্পতীক নিজৰ মাক দেউতাকৰ নিচিনাকৈ চোৱা চিতা কৰে।তেওঁলোকেও
তাক খুব মৰম কৰে।
জীৱন শৰ্মাই বহুত কষ্টৰে ঘৰটো সাজিছিল চাকৰিৰ সামান্য ধনকেইটাৰে। ঘৰটো বৰ আটোমটোকাৰিকৈ বনাইছে। লগতে ল’ৰাকো পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। আজি তেওঁৰ হেঁপাহৰ ঘৰটোত থাকিবলৈ পত্নীৰ বাহিৰে কোনো নাই। যিগৰাকী পত্নীক তেওঁ কথা দিছিল সুখে-দূখে একেলগে থাকিম বুলি। আজি কিন্তু তেওঁ অকলশৰীয়া। তেওঁৰ অবৰ্তমানত তেওঁৰ স্মৃতিয়ে সজিব কৰি ৰাখিছে হেঁপাহৰ ঘৰখন।

 

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও