হায়াত হাস্পতালত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু বক্তৃতা প্ৰদান

  •  হায়াত হাস্পতালত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু বক্তৃতা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  হায়াত চুপাৰ স্প্রেচিয়েলিটি হাস্পতাল গুৱাহাটী আৰু হায়াত ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেচনৰ ফালৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে  দুটাকৈ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ নগৰবেৰাৰ বি.পি চলিহা মহাবিদ্যালয়ৰ ৱমেন এম্পাৱাৰ চেলৰ সহযোগত হাস্পতালখনৰ সামাজিক দায়বদ্ধতা কোষৰ পৰা এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে আয়োজন কৰা এই শিবিৰত হায়াত হাস্পতালৰ প্ৰসূতী ৰোগ বিভাগৰ ডাঃ জুলি দেউৰী ভৰালী, শিশু ৰোগ বিশেষজ্ঞ ডাঃ ডলি কলিতা, ক্ৰিতিকেল কেয়াৰ বিভাগৰ চিকিৎসক ডাঃ  ধ্রুৰ্বাচিছ কলিতাই প্ৰায় ১৪০ ৰো অধিক লোকক বিনামূলীয়াকৈ ই চি জি, ব্লাড চুগাৰ, ব্লাড প্ৰেচাৰ আৰু আনুসংগিক স্বাস্থ্য পৰীক্ষা সেৱা আগবঢ়ায়। উল্লেখ্য,  এই বিনামূলীয়া শিবিৰ বিধায়িকা নন্দিনী দাসো উপস্থিত থাকে। আনহাতে হাস্পতালখনৰ নাৰ্ছিং কলেজৰ ফালৰ পৰা গুৱাহাটীৰ ন মাইলৰ হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে নাৰী দিৱস উদযাপন কৰে। য’ত হাস্পতাল খনৰ চিকিৎসক ডাঃ ৰত্না লাংথাছা আৰু ডাঃ ঝিমলী গোস্বামী উপস্থিত থাকে।  এই উদযাপনত নাৰ্ছিং মহাবিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা ‘মানসিক চাপ আৰু ইয়াৰ ব্যৱস্থাপনা’ৰ ওপৰত এক বক্তৃতা আগবঢ়ায়।