ফুটবল নহয়, শিল হোৱা – দুৰ্বলতাক কোনেও ক্ষমা নকৰে – প্ৰেম বৈষ্ণৱ

Pc StockCake

ফুটবল নহয়, শিল হোৱা – দুৰ্বলতাক কোনেও ক্ষমা নকৰে 

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

আমাৰ জীৱনৰ পথ কেতিয়াও সমতল নহয়। ইয়াত উজুটি আছে, গাঁত আছে, কাঁইট আছে আৰু আছে অজস্ৰ অদৃশ্য প্ৰাচীৰ। এই পথত খোজ দিওঁতে প্ৰতিজন মানুহে এদিন উপলব্ধি কৰে যে সহানুভূতিৰে পেট নভৰে, সান্ত্বনাৰে জীৱন নচলে। মানুহে কয় “মই তোমাৰ সকলো কষ্ট বুজি পাওঁ”, কিন্তু ৰাতিৰ নিস্তব্ধতাত যেতিয়া বুকুৰ ভিতৰত বিষটোৱে খুন্দা মাৰে, তেতিয়া বুজা যায় সেই বাক্যৰ অসাৰতা। কাৰো কষ্ট কোনেও সম্পূৰ্ণকৈ বুজি নাপায়। ভোকৰ জ্বালা, প্ৰিয়জনক হেৰুওৱাৰ শূন্যতা, বিফলতাৰ গ্লানি, দৰিদ্ৰতাৰ অপমান, একাকীত্বৰ বিষাদ – এইবোৰ প্ৰতিজনৰ বাবে বেলেগ। এজনৰ বাবে যিটো সৰু বাধা, আনজনৰ বাবে সেয়াই জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা হৈ উঠে। সেয়ে কষ্টক লৈ আনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাতকৈ নিজৰ ভিতৰতে তাৰ অৰ্থ বিচাৰি উলিওৱাটোৱেই প্ৰথম শিক্ষা। ‘কষ্ট’ যেতিয়া আহে, ই কেৱল যন্ত্ৰণা দিবলৈ নাহে, ই এটা বাৰ্তা লৈ আহে, এটা নতুন দৃষ্টি দিবলৈ আহে। যি জনে সেই বাৰ্তা শুনিবলৈ শিকে, তেওঁৰ বাবেই ‘কষ্ট’ শিক্ষক হৈ উঠে।

সমাজে আমাক সৰুৰে পৰা সফলতাৰ সপোন দেখুৱায়। প্ৰথম হোৱা জনক মঞ্চত তুলি মালা পিন্ধায়, কিন্তু বাৰে বাৰে পৰি উঠি অহা জনৰ কাহিনী কোনেও মনোযোগেৰে নুশুনে। অথচ জীৱনে শিকোৱা আটাইতকৈ ডাঙৰ পাঠটো বিফলতাৰ পৰাহে আহে। সফলতাই মানুহক প্ৰশংসাৰ পোহৰত ৰাখে, বিফলতাই মানুহক নিজৰ ছাঁটোৰ সৈতে চিনাকি কৰাই দিয়ে। আমি বিফল হওঁতেই আনক জগৰীয়া কৰিবলৈ আৰম্ভ কৰোঁ। পৰীক্ষাত নম্বৰ কমিলে শিক্ষা ব্যৱস্থাক দোষ দিওঁ, ব্যৱসায়ত লোকচান হ’লে ভাগ্যক দোষ দিওঁ, সম্পৰ্কত ফাঁট মেলিলে আনজনৰ স্বভাৱক দোষ দিওঁ। এই দোষাৰোপে মনক ক্ষন্তেকৰ বাবে পাতল কৰে, কিন্তু শিকণৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে। যেতিয়ালৈকে মানুহে নিজৰ ভুলক সাহসেৰে আত্মসমালোচনা কৰিব নোৱাৰে, তেতিয়ালৈকে আগুৱাই যোৱাৰ পথ ওলাব নোৱাৰে। এজন আদৰ্শ কৃষকে যেতিয়া বানে খেতি উটুৱাই নিয়ে, তেওঁ বানক গালি পাৰি বহি নাথাকে। তেওঁ পুনৰ মাটি চহায়, পুনৰ কঠীয়া সিঁচে, কাৰণ তেওঁ জানে আক্ষেপেৰে পথাৰ সেউজীয়া নহয়। জীৱনৰ পথাৰখনো তেনেকুৱাই। বাধা আহিব, খৰাং আহিব, কিন্তু পুনৰ থিয় হোৱাৰ সাহস থাকিলেহে শস্য গজে।

জীৱনৰ আটাইতকৈ কঠিন সত্যটো লুকাই আছে এটা সৰু উদাহৰণত। ফুটবলক কিয় লঠিয়ায়? কাৰণ ফুটবল নৰম। ইয়াৰ কোনো প্ৰতিৰোধ নাই। এই পৃথিৱীৰ নিয়মো একেই। ইয়াত নৰম মনৰ মানুহক বাৰে বাৰে আঘাত কৰা হয়। দুৰ্বলতা বুলিলে শৰীৰৰ দুৰ্বলতা কোৱা হোৱা নাই। আটাইতকৈ বিপদজনক দুৰ্বলতা হ’ল মনৰ দুৰ্বলতা। নিজৰ মত স্পষ্টকৈ ক’ব নোৱাৰা, প্ৰয়োজনত নহয় বুলি ক’ব নোৱাৰা, নিজৰ সময় আৰু শ্ৰমৰ মূল্য নিজে নুবুজা – এইবোৰেই মানুহক লাহে লাহে ফুটবল কৰি তোলে। কৰ্মক্ষেত্ৰত যি জনে সদায় আনৰ কাম কৰি দিয়ে, নিজৰ কামৰ স্বীকৃতি বিচাৰিবলৈ কুণ্ঠাবোধ কৰে, তেওঁৰ অৱদান আওকাণ কৰা হয়। সমাজত যি জনে সকলোকে ভাল লগাবলৈ নিজৰ সীমা পাহৰি যায়, তেওঁক কোনেও গুৰুত্বপূৰ্ণ বুলি নাভাবে। সেয়ে মানুহক শিল হ’বলৈ শিকিব লাগে। শিলক কোনেও লঠিয়াব নোৱাৰে। শিলক দেখিলে মানুহে বাট এৰি যায়। শিল হোৱা মানে কঠোৰ হোৱা নহয়, নিষ্ঠুৰ হোৱা নহয়। শিল হোৱা মানে নিজৰ সীমা জনা, নিজৰ আত্মসন্মানৰ প্ৰাচীৰ গঢ়া। ক’ত সন্মতি দিব লাগে আৰু ক’ত আপত্তি কৰিব লাগে, সেই বিবেক আয়ত্ত কৰা। যি সম্পৰ্কই মনৰ শান্তি নষ্ট কৰে, তাক না ক’ব পৰা সাহস গোটোৱা। এই সাহসে মানুহক ব্যৱহৃত হোৱাৰ পৰা ৰক্ষা কৰে।

আজিৰ সময়ত শিক্ষাৰ অভাৱ নাই, অভাৱ আছে চৰিত্ৰৰ। ডিগ্ৰী আছে, চাৰ্টিফিকেট আছে, কিন্তু তাৰ লগত বিবেকৰ চৰ্চা কমি আহিছে। শিক্ষা যদি সততাৰ লগত যুক্ত নহয়, তেন্তে সেই শিক্ষাৰ শক্তি বিপথে যায়। আমি দেখিছোঁ শিক্ষিত মানুহেই কেনেকৈ ঘোচ লয়, কেনেকৈ মানুহক প্ৰতাৰণা কৰে, কেনেকৈ মানুহক বিপথে পৰিচালিত কৰে, কেনেকৈ পৰিৱেশ ধ্বংস কৰে। কাৰণ তেওঁলোকে কিতাপ পঢ়িছে, কিন্তু মানুহ হ’বলৈ শিকা নাই। প্ৰকৃত শিক্ষাৰ লক্ষ্য চাকৰি নহয়, প্ৰকৃত শিক্ষাৰ লক্ষ্য সম্পূৰ্ণ মানুহ হোৱা। যি শিক্ষাই সত্য কোৱাৰ সাহস নিদিয়ে, দুৰ্বলৰ কাষত থিয় হ’বলৈ নিশিকায়, সেই শিক্ষা আধৰুৱা। ঘৰত আমি সন্তানক কওঁ ভালকৈ পঢ়া, ভাল চাকৰি পাবা, কিন্তু কিমানবাৰ কওঁ ভাল মানুহ হোৱা? চৰিত্ৰৰ শিক্ষা পাঠ্যক্ৰমত নাই। এই শিক্ষা ঘৰৰ পৰা আহে, পৰিয়ালৰ আচৰণৰ পৰা আহে, ভাল মানুহৰ সংগৰ পৰা আহে। সততা, নিষ্ঠা, কৃতজ্ঞতা, সহনশীলতা – এইবোৰ কোনো পৰীক্ষাত নাহে, কিন্তু জীৱনৰ প্ৰতিটো পৰীক্ষাত এইবোৰেই কামত আহে।

জীৱনে শিকোৱা আটাইতকৈ নীৰৱ সত্যটো হ’ল নিজৰ ভিতৰত আশ্ৰয় বিচাৰি উলিওৱা। আনৰ ওপৰত অত্যধিক আশা কৰিলে হতাশা বাঢ়ে। মানুহৰ মন সলনি হয়, সময় সলনি হয়। আজি যিয়ে সহায়ৰ হাত আগবঢ়াইছে, কাইলৈ সেই হাত ব্যস্ত হৈ পৰিব পাৰে। ইয়াক জীৱনৰ নিয়ম বুলি মানি ল’ব লাগে। সেয়ে দিনটোৰ শেষত অলপ সময় নিজৰ বাবে ৰাখিব লাগে। আজি কি কৰিলোঁ, কি শিকিলোঁ, ক’ত ভুল হ’ল, এই নীৰৱ কথোপকথনে মনক শান্ত কৰে। আনৰ পৰা সহায় লোৱাটো ভুল নহয়, কিন্তু নিজৰ চেষ্টা এৰি কেৱল সহায়ৰ বাবে বাট চাই থকাটোৱে মানুহক দুৰ্বল কৰে। নিজৰ চকুপানী নিজে মচি থিয় হ’ব পৰা মানুহজনেই শেষত বাট বিচাৰি পায়। জীৱনৰ ৰূপান্তৰ কোনেও কৰি নিদিয়ে। প্ৰতিজনৰ জীৱনৰ গল্পৰ লেখক তেওঁ নিজে। কষ্টক ভয় নকৰি তাৰ সৈতে মুখামুখি হ’ব লাগে। সোণক জুইত পুৰিহে খাঁটি কৰা হয়। যিদিনা নিজৰ কষ্টক নিজে বুজিবলৈ শিকা যায়, সেইদিনাৰ পৰাই মুক্তিৰ যাত্ৰা আৰম্ভ হয়। সেই যাত্ৰাৰ শেষত যি পোহৰ আছে, সেয়া নিজা, স্থায়ী আৰু কোনেও কাঢ়ি নিব নোৱাৰা।

মানুহৰ জীৱনত এনে বহু সময় আহে যেতিয়া আপোন বুলি ভবা মানুহবোৰে লাহে লাহে আঁতৰি যায়। সফলতাৰ সময়ত চাৰিওফালে ভিৰ হয়, হাতচাপৰিৰ শব্দ শুনা যায়, কিন্তু বিফলতাৰ এটা ৰাতিয়েই মানুহক বুজাই দিয়ে কোন আচলতে ওচৰত আছে। সেই বাবেই কষ্টক অভিশাপ বুলি নাভাবি এক প্ৰকাৰৰ চালনি বুলি ভাবিব লাগে, যিয়ে জীৱনৰ পৰা অপ্রয়োজনীয় মানুহ আৰু অপ্রয়োজনীয় আশা আঁতৰাই দিয়ে। কষ্টই মানুহক অকলশৰীয়া কৰে বুলি আমি ভাবো, আচলতে কষ্টই মানুহক নিজৰ লগত চিনাকি কৰাই দিয়ে। যেতিয়া বাহিৰৰ শব্দ কমি যায়, তেতিয়াহে ভিতৰৰ মাতটো স্পষ্টকৈ শুনা যায়। সেই মাতটোৱে কয়, তুমি কিমান সহ্য কৰিব পাৰা, তুমি কিমান দূৰ যাব পাৰা।

শিল হোৱা মানে হৃদয়হীন হোৱা নহয়। বহুতে ভাবে কঠিন হ’লে মানুহৰ মৰম কমি যায়। আচলতে কথাটো ওলোটা। যি মানুহে নিজৰ সীমা জানে, তেওঁ আনৰ সীমাকো সন্মান কৰিবলৈ শিকে। যি মানুহে নিজৰ সময়ৰ মূল্য বুজে, তেওঁ আনৰ সময়কো গুৰুত্ব দিয়ে। ফুটবল হৈ থাকিলে সকলোৱে লথিয়াব, কিন্তু শিল হ’লে মানুহে ভাবি-চিন্তি আচৰণ কৰিব। কৰ্মক্ষেত্ৰত বিনয়ী হোৱাটো ভাল গুণ, কিন্তু বিনয়ৰ নামত নিজৰ অধিকাৰ এৰি দিয়াটো বিনয় নহয়, আত্ম-অৱহেলা। সমাজত ভাল মানুহ হোৱাটো প্রয়োজন, কিন্তু ভাল মানুহ হ’বলৈ গৈ যদি নিজৰ আত্মাই কান্দিব লগা হয়, তেন্তে সেই ভাল হোৱাৰ কোনো মূল্য নাথাকে।

আমাৰ ঘৰবোৰত এতিয়া সন্তানক শিকোৱা হয় কেনেকৈ প্ৰতিযোগিতাত জিকিব লাগে, কিন্তু শিকোৱা নহয় কেনেকৈ পৰাজয়ক সাৱটি ল’ব লাগে। পৰীক্ষাত প্ৰথম হ’বলৈ হেঁচা দিয়া হয়, কিন্তু জীৱনত কেনেকৈ ধৈৰ্য ধৰিব লাগে, কেনেকৈ অপেক্ষা কৰিব লাগে, কেনেকৈ আনৰ দুখত কান্দিব লাগে, সেই শিক্ষা দিয়া নহয়। ফলত ডিগ্ৰীধাৰী মানুহ ওলাইছে, কিন্তু সহানুভূতিশীল মানুহ কমি আহিছে। চৰিত্ৰ মানে কেৱল সাধু হৈ থকা নহয়, চৰিত্ৰ মানে নিজৰ কথাত থিয় হৈ থকা, নিজৰ ভুলক স্বীকাৰ কৰিব পৰা, আনৰ সফলতাত হিংসা নকৰাকৈ আনন্দ কৰিব পৰা গুণ। এই গুণবোৰ কোনো কিতাপে দিব নোৱাৰে, জীৱনে দিয়ে, অভিজ্ঞতাই দিয়ে, কষ্টই দিয়ে।

সেয়ে আজিৰ পৰা নিজকে এটা কথা কওক, মই আৰু সকলোৰে বাবে সহজলভ্য ফুটবল হৈ নাথাকো। মই নিজৰ কামক সন্মান কৰিম, নিজৰ সময়ক সন্মান কৰিম, নিজৰ মনৰ শান্তিক সন্মান কৰিম। যি কামে মোক সৰু কৰে, সেই কামক না ক’বলৈ শিকিম। যি সম্পৰ্কই মোক ভাঙে, সেই সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ শিকিম। কাৰণ জীৱনটো কাৰো পৰা সহানুভূতি বিচাৰি ফুৰাৰ বাবে নহয়, জীৱনটো নিজৰ দৰে জীয়াই থকাৰ বাবে। কষ্ট আহিব, চকুপানী ওলাব, কিন্তু সেই চকুপানীয়ে যাতে আমাক দুৰ্বল নকৰে, আমাক আৰু স্পষ্ট কৰে, আৰু দৃঢ় কৰে।

আটাইতকৈ ডাঙৰ কথাটো হ’ল, এই পৃথিৱীত কোনেও কাৰো বোজা চিৰদিন কঢ়িয়াই নুফুৰে। প্ৰতিজনৰ বোজা প্ৰতিজনে কঢ়িয়াব লাগিব। পিতৃ-মাতৃয়ে পথ দেখুৱাব পাৰে, বন্ধুৱে সাহস দিব পাৰে, শিক্ষকে জ্ঞান দিব পাৰে, কিন্তু খোজ দিব লাগিব নিজে। যিদিনা এই সত্যটো হৃদয়েৰে মানি লোৱা যায়, সেইদিনাৰ পৰা মানুহে আনৰ ওচৰত সান্ত্বনা বিচাৰি ফুৰা বন্ধ কৰে। তেওঁ নিজৰ ভিতৰত শক্তি বিচাৰে, নিজৰ ভিতৰত পোহৰ বিচাৰে। আৰু সেই পোহৰ এদিন ইমান উজ্জ্বল হৈ উঠে যে আনৰ অন্ধকাৰতো পোহৰ বিলাব পাৰে।

জীৱনত বহুতে ভাবে মই কিয় বাৰে বাৰে আঘাত পাওঁ, মই কিয় বাৰে বাৰে ঠগ খাওঁ। কাৰণটো আনৰ মাজত নহয়, নিজৰ অভ্যাসৰ মাজত আছে। আমি যেতিয়া সকলোকে হয় বুলি কওঁ, সকলো কামকে মূৰ পাতি লওঁ, নিজৰ কষ্টৰ কথা ক’বলৈ লাজ কৰোঁ, তেতিয়া মানুহে ভাবে এই মানুহজনক যি দিয়া যায় সি লয়, যি কোৱা যায় সি মানে। তেতিয়া লাহে লাহে সন্মান কমি আহে। সন্মান ভিক্ষা কৰি পোৱা বস্তু নহয়, সন্মান আদায় কৰি ল’ব লাগে নিজৰ আচৰণেৰে, নিজৰ দৃঢ়তাৰে। শিল হোৱা মানে অহংকাৰী হোৱা নহয়, শিল হোৱা মানে নিজৰ মূল্য নিজে বুজা।

আৰু এটা কথা মনত ৰাখিব লাগে, কষ্টই কেতিয়াও খালী হাতে নাযায়। প্ৰতিটো কষ্টই আমাক কিবা এটা দি যায়। কেতিয়াবা ধৈৰ্য দিয়ে, কেতিয়াবা সাহস দিয়ে, কেতিয়াবা মানুহ চিনিবলৈ শিকায়। যি কষ্টৰ মাজেৰে আপুনি আজি পাৰ হৈছে, কাইলৈ সেই কষ্টই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হৈ উঠিব। সেয়ে কষ্টক ঘৃণা নকৰিব, কষ্টক আঁকোৱালি লওক, তাৰ পৰা শিকক, তাৰ পৰা আগুৱাই যাওক।

জীৱনত জয়ী হ’বলৈ ডাঙৰ ডাঙৰ সপোন দেখাৰ লগতে সৰু সৰু সীমা ৰক্ষা কৰিবলৈ শিকিব লাগে। সেই সীমাই আপোনাক ৰক্ষা কৰিব, আপোনাৰ আত্মসন্মান ৰক্ষা কৰিব।