হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ আমবাৰী নিকেতন

PC- NDTV.com

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ আমবাৰী নিকেতন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীৰ নতুনবস্তিস্থিত শংকৰদেৱ শিশু বিদ্যানিকেতন এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে৷বিদ্যালয়খনৰ মুঠ ২৬ জন পৰীক্ষাৰ্থীৰ ২ জন ডিষ্টিংছন,৯ জন ষ্টাৰ নম্বৰসহ মুঠ ২২ জনে প্ৰথম বিভাগ আৰু ৪ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ভিতৰত ৯ জন ইংৰাজীত,২ জন অসমীয়াত,৬ জন সাধাৰণ গণিতত,১২ জন সাধাৰণ বিজ্ঞানত,১৫ জন সমাজ বিজ্ঞানত,২ জন উচ্চ গণিতত,২ জন সুকুমাৰ কলা বিষয়ত লেটাৰ নম্বৰ পাইছে৷আনহাতে,আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ভাৰ্গৱ কলিতাই ৯২:৩ শতাংশ সৰ্বাধিক নম্বৰ লাভ কৰিছে৷এনে ফলাফলত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে৷