বিজেপি চৰকাৰ ৰাজ্যৰ যুৱ প্ৰজন্মৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছেঃ ভৱেশ কলিতা

বিজেপি চৰকাৰ ৰাজ্যৰ যুৱ প্ৰজন্মৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছেঃ ভৱেশ কলিতা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ গৰাকী যুৱক-যুৱতীক আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিজন যুবক-যুবতীক অভিনন্দন জনাই কয়, সাম্প্রতিক ৰাজ্যত পূৰ্বৰ পৰিৱেশ সলনি হৈছে এতিয়া ৰাজ্যৰ যুৱক-যুৱতী সকলে মেধা আৰু যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰে আৰু সেয়ে ভাৰতীয় জনতা পার্টি চৰকাৰখন প্ৰতিজন যুৱ প্ৰজন্মৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছে। নিযুক্তি পত্ৰ লাভ কৰা প্রতিজন যোগ্য প্রার্থীয়েই অনাগত দিনত সততা আৰু নিষ্ঠাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত সেৱা আগবঢ়াই যাব বুলি শ্রী কলিতাই লগতে আশা প্রকাশ কৰে।