সৰস্বতী পূজা শিক্ষানুষ্ঠানত পালন কৰা হ’বঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

p.c.the janambhumi

সৰস্বতী পূজা শিক্ষানুষ্ঠানত পালন কৰা হ’বঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বোকাখাতত সংবাদ মাধ্যমৰে মত বিনিময় কৰি কয় যে- সৰস্বতী পূজা শিক্ষানুষ্ঠানত পালন কৰা হ’ব। ক’ভিড প্ৰট’কল এইক্ষেত্ৰত মানি চলিব লাগিব। ৰাজহুৱা স্থানত কিদৰে বহিব লাগিব, ছেনিটাইজাৰৰ ব্যৱস্থা কিধৰণে কৰিব লাগিব, এই সন্দৰ্ভত ইতিমধ্যে নির্দেশনা দিয়া হৈছে। এই সকলো নিয়ম ৰাজহুৱা অনুষ্ঠানত মানিব লাগিব। সৰস্বতী পূজাৰ বাবে কোনো সুকীয়া এছ অ’ পি নাথাকিব। অৱশ্যে অহা ১ ফেব্ৰুৱাৰীত পুনৰ নতুন এছ অ’ পি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ প্ৰকাশ কৰে।