সৰস্বতী পূজা-ময়ূৰাক্ষী গগৈ

p.c. aajtak

  সৰস্বতী পূজা

সৰস্বতী পূজা আৰু শিক্ষাৰ্থীৰ
মাজত এক আত্মিক সম্পৰ্ক আছে।
প্ৰত্যেক বছৰৰ দৰে এই বছৰো
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক
আদৰিবলৈ ৰৈ আছে
কণ কণ শিক্ষাৰ্থী হঁত।
বাগ্ দেৱীৰ এধানি আশীষ বিচাৰি
অভিভাৱকসকলেও বাট চাই আছে
ধূপ-বন্তিৰ সৈতে এখনি শৰাই আগবঢ়াবলৈ।
কণ কণ শিক্ষাৰ্থী হঁতৰ আশা
গা-পা ধূই সেই দিনা
এজোৰ ৰঙীন পোছাক পিন্ধি যাবলৈ।
কিন্তু এই আপদীয়া কৰোনাৰ কাৰণে
আমাৰ কল্পনা-জল্পনা বোৰ
নিমিষতে উৰি যায়।
তথাপিও আমি সজাগ হৈ
মাস্ক পিন্ধি, সামাজিক দূৰত্ব বজাই ৰাখি
সকলোৱে মিলি শিক্ষাৰ্থীৰ হেঁপাহৰ
সৰস্বতী পূজা পালন কৰো আহক।

ময়ূৰাক্ষী গগৈ
যোৰহাট।