স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিৱেশত পূজা উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ গুৱাহাটী পৌৰ নিগমৰ

pc Twitter

স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিৱেশত পূজা উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ গুৱাহাটী পৌৰ নিগমৰ

অনলাইন বাৰ্ত্তাসেৱা – ইতিমধ্যে জিলা আৰক্ষী প্রশাসনে অনুমতি লোৱা পূজা সমিতিৰে আলোচনাত মিলিত হৈ স্বাস্থ্য বিভাগৰ সহযোগত যাৱতীয় নির্দেশ দি পূজা মণ্ডপত ভেকচিন নোলোৱা আৰু মাস্ক পৰিধান নকৰা লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিৱেশত পূজা উদযাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গুৱাহাটী পৌৰ নিগমে। জিএমচিৰ কাৰ্যালয়ত পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত পালন কৰিবলগীয়া দুর্গোৎসৱৰ যাতে প্ৰতিখন আয়োজক সমিতিয়ে ক’ভিড প্ৰট’কল মানি চলে তাৰ বাবে অধিক তৎপৰ হৈ পৰিছে প্রশাসন। সভাত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰে আলোচনা কৰি সমাগত দুর্গোৎসৱ নিয়াৰিকৈ পালন কৰা সন্দৰ্ভত এখন নিৰ্দেশ জাৰি কৰা হয়। পূজাৰ সময়ছোৱাত মহানগৰীৰ বাট পথ পৰিষ্কাৰ কৰি ৰখাৰ লগতে ষ্ট্রীট লাইটৰ সুব্যৱস্থা, বিশুদ্ধ খোৱাপানী যোগান আৰু মহৰ প্ৰাদুৰ্ভাৱ নাইকিয়া কৰিবলৈ প্ৰতিটো অঞ্চলত ফগিং কৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে। তদুপৰি বিসর্জন ঘাটসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৌৰ আয়ুক্তই তদাৰকী সমিতি গঠন কৰি কেইবাগৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰে। বিজয়া দশমীত যাতে সকলো পূজা সমিতিয়ে সুশৃংখলভাৱে দেৱীৰ প্ৰতিমূৰ্তি বিসর্জন দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জি এম চিয়ে ইতিমধ্যে ফাঁচীবজাৰ, পাণ্ডু, খাৰঘুলি, চূণচালি আৰু জ্যোতিকুছি ঘাট একপ্ৰকাৰ সাজু কৰি তুলিছে। তদুপৰি পূজাৰ সময়ছোৱাত জৰুৰী সেৱাৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীক অধিক সক্রিয় হ’বলৈ পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ খোৱাপানী, স্বাস্থ্যসেৱা আৰু অগ্নিনির্বাপক বাহিনীৰ লগতে অন্যান্য জৰুৰী সেৱাসমূহ অধিক সক্ৰিয় কৰি তোলা হৈছে। পূজাৰ সময়ছোৱাত কোনো আপত্তি থাকিলে ৰাইজৰ যোগাযোগৰ বাবে ৮৮১১০-০৭০০০, ৭৩৯৯০-০৩০০১ অথবা ৭৩৯৯০-০৩০০৪ নম্বৰ মুকলি কৰি দিয়া হৈছে।