স্বচ্ছতাৰ নিদৰ্শন(অনুগল্প- ১)-ইৰা বৰুৱা

pc Shutterstock

স্বচ্ছতাৰ নিদৰ্শন(অনুগল্প- ১)

ৰাতি লীনাই ৰন্ধা-বঢ়া শেষ কৰি ককালৰ খোচনিৰ পৰা  হাত মোচাখন উলিয়াই হাত মোহাৰি মোহাৰি শোৱনি কোঠা পালেগৈ। সৌৰভে বিচনাতে বহি লেপটপটো লৈ অফিচৰ কিছু কাম কৰি আছিল। লীনাই ড্ৰেচিং টেবুলৰ তুলখন টানি আনি তাতে বহিলৈ কথাটো উলিয়ালে। হেʼৰা মই কথা এটা ভাবিছো শুনাচোন। সৌৰৱে  লেপটপৰ পৰা মূৰ নদঙাকৈ সহাঁৰি দিলে শুনিম কোৱা। আমাৰ দুয়োজনী ছোৱালী ডাঙৰ হ’ল। তুমি সিহঁতক অকনো সময় দিব নোৱাৰা, মইও কামত ব্যস্ত। সিহঁতে ঘৰখনতে সোমাই সোমাই আৰু কিমান টি-ভি মোবাইল চাই সময় পাৰ  কৰিব, অনচৰতে পঢ়াতেটো ব্যস্ত হৈ নাথাকে।সংগী হিচাবে মোবাইলটো লৈ যিদৰেহে ব্যস্ত হৈ থাকে মোৰ ভয়ে লাগে কিবা চায়, আজিকালি দেশখনত যিহে নঘটিব লগীয়া ঘটনা বোৰ হৈ থাকে। কথাৰ  পাতনি নেমেলি আচল কথাটো কোৱা। অ’ অ’ তাকেই কওঁ।

 তুমি দুদিন অফিচ ছুটি লোৱা। অ: অসম্ভৱব মই এতিয়া এক ঘন্টাও ছুটী ল’ব নোৱাৰো। মোৰ ওপৰতে এতিয়া অফিচৰ সম্পূৰ্ণ দায়িত্ব। তেন্তে শুনা কালি দেওবাৰ সেইটোতো তোমাৰ কিবা আপত্তি আছে নেকি? নাই কোৱা কাইলৈ আমি দিনটোৰ বাবে ফুৰিবলৈ যাম। তোমাৰ  নতুন গাড়ীখনত  ভালদৰে উঠাই নাই নহয়, কৰবাত গলেও অফিচৰ সেই আউটডেটেত গাড়ীখনহে লৈ যোৱা। হব, হব ওলাবা কʼত যাবা জেগাটুকুৰা আজিয়েই ঠিক কৰা। লীনা হাঁহি মাৰি আতৰি গৈ ছোৱালী দুজনীক কথাটো কলেগৈ।

সৌৰভ কলিতা মাল্টিনেচনেল কোম্পানী এটাৰ ওপৰৰ অফিচাৰ। দায়িত্বও বহুত বেছি। যোৰহাটত মাটি-বাৰী কিনি কেইবা মহলীয়া এটা সুন্দৰ সাজিলে।চালে চকু ৰোৱা ঘৰৰ আচবাব, ঘৰৰ বাহিৰে ভিতৰে লেতেৰা ধুলি কণা এটা সোমাবলৈও সাহস কৰিব নোৱাৰে।গেটৰ পৰা অন্দৰ মহললৈকে এক অভিজাত্যৰ প্ৰলেপ।ছোৱালী দুজনী তেনেকৈ ডাঙৰ কৰিছে। সিহঁতক তেওঁ শিকাইছে নিজৰ ঘৰ, ঘৰৰ পৰিবেশ কিদৰে চাক চিকুন কৰি ৰাখিব লাগে। সিহঁতো সেই শিক্ষাৰে ডাঙৰ হৈছে।

পিছদিনা পুৱা সৌৰভ কলিতা সোনকালে উঠি প্ৰথমে নিজৰ আভিজাত্যৰ প্ৰতীক এল চিচিয়ান কুকুৰটো শিকলি ডালত ধৰি ঘৰৰ পাঁচগজমান আঁতৰৰ শ‍ইকীয়াৰ ঘৰৰ প্ৰদূলিত নি প্ৰাতঃকৰ্মকণ কৰালে। তাৰ পৰা আহি লীনাই ৰাতিয়েই গোটাই থোৱা চুৱা জাৱৰৰ টোপোলাটো দূৰৈৰ ডাষ্টবিনলৈ নগৈ কাষতে বৰুৱাই ঘৰ সাজিবলৈ কিনি থোৱা খালি মাটিকণত সাউৎকৈ পেলাই ঘৰ সোমালেহি। ফুৰিবলৈ যাবলৈ সকলো ওলাল।শিৱসাগৰলৈ যাব।দিনটোত শিৱসাগৰত চাবলগীয়াখিনি চাই টিয়কত লীনাৰ বায়েকৰ ঘৰত সোমাই ৰাতিৰ খানা তাতে খাই ঘৰলৈ ঘূৰিব।পুৱা ঘৰৰ পৰা ওলাওতেই বাটত খাবৰ বাবে চিপচ,চকলেট, বিস্কুট. কল আদি বেগত ভৰাই ল’লে। লীনাই সৌৰভৰ বাবে জৰ্দ্দা,মুখ বিলাচ মিলাই  তামোল দুখনমানো বান্ধি ল’লে নহ’লে সৌৰভে গাড়ী চলাব নোৱাৰে। যাত্ৰা আৰম্ভ হ’ল। কিছুদূৰ গৈয়ে বাইপাছ পাই ইটো সিটো খোৱা আৰম্ভ কৰিলে। সৌৰভে ক’লে তোমালোকে কিন্তু গাড়ীৰ ভিতৰত খোৱা বস্তু পেলাই গাড়ীখন লেটেৰা নকৰিবা। যি পেলোৱা, গাড়ীৰ গ্লাচখন খুলি বাহিৰলৈ পেলাবা। লীনা আৰু ছোৱালী দুজনীয়ে তাকেই কৰিলে।গোটেই ৰাস্তাটোত চিপচৰ পেকেট, চকলেটৰ পেকেট, কল বাকলি পেলাই গ’ল। বাঃ কেনে শিক্ষা।

     এতিয়া শুনক লীনাই মৰমত লৈ যোৱা তামোলৰ টোপোলাটোৰো সৌৰভে সৎ ব্যৱহাৰ কৰিলে। যিমান বাৰ পাক্ লগাই তামোল খালে সিমান বাৰ গাড়ীৰ দৰ্জ্জা খুলি ৰাস্তাই ৰাস্তাই পিক পেলাই গোটেই ৰাস্তা গাঢ় ৰঙা ৰঙেৰে বোলাই গ’ল। যেন কোনোবা বিখ্যাত চিত্ৰকৰে সুন্দৰ পকী ৰাস্তাৰ মাজে মাজে ৰং বোলাই প্ৰকৃতিক সজাই তুলিছে।কেনে আৰ্দশবান পৰিয়াল এবাৰ ভাহকচোন।ৰাইজৰ ৰাস্তা তাকো চৰকাৰী টকাৰে বনাইছে তাতে, কাৰ কি আহে যায়। আমি কবলৈ কোন নহয়নে বাৰু ?

ইৰা বৰুৱা

তৰুণৰাম ফুকন পথ

যোৰহাট-১