সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ সান্নিধ্যত এটি স্মৰণীয় সন্ধিয়া – শচীন্দ্ৰ কুমাৰ দাস

সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ সান্নিধ্যত এটি স্মৰণীয় সন্ধিয়া

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

শ্ৰদ্ধেয় ড° ভূপেন হাজৰিকা দেৱ কেৱল অসমৰ জাতীয় কলা-কৃষ্টি আৰু সংস্কৃতিৰ কাণ্ডাৰীয়েই নাছিল, তেওঁ আছিল এজন মহান বিশ্বমানৱ। তেওঁৰ কালজয়ী গীতসমূহে আজিও আমাৰ সমাজত শিহৰণ তোলে। অসমৰ অন্যতম ধ্ৰুপদী নৃত্য ‘সত্ৰীয়া নৃত্য’ক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিক বুকুত বান্ধি কেনেকৈ অসমৰ জনজীৱন আগবাঢ়ি যাব লাগে, তাৰ অনুপ্ৰেৰণা সুধাকণ্ঠই আমাক দি গৈছে। তেওঁৰ গীতসমূহে সমাজ জীৱনৰ ভাল-বেয়া সকলো দিশ প্ৰতিফলিত কৰি অসমীয়া সংগীত জগতখনক চহকী কৰি থৈ গৈছে। তেওঁৰ সংগীত সাধনা কেৱল অসমতে সীমাবদ্ধ নাছিল, ই বিয়পি পৰিছিল সমগ্ৰ বিশ্বতে। ভাৰতীয় সংগীতৰ বিশাল জগতখনত অসমীয়া সুৰৰ লহৰ সমাহিত কৰি তেওঁ আমাৰ সংগীতক এক নতুন প্ৰাণ আৰু নতুন দিশ দিছিল। সেয়েহে তেওঁক অসমৰ সংগীত জগতৰ ‘ৰঙা উদীয়মান সূৰ্য’ বুলি অভিহিত কৰিব পাৰি।

মোৰ ল’ৰালি কালৰ এটা বিশেষ স্মৃতি আজিও মোৰ মনত সজীৱ হৈ আছে। এবাৰ ড° ভূপেন হাজৰিকা দেৱ আমাৰ দক্ষিণ কামৰূপ জিলাৰ মিৰ্জাৰ ঐতিহাসিক শ্বহীদ বেদীৰ এখন অনুষ্ঠানলৈ আহিছিল। আমাৰ ঘৰৰ পৰা মিৰ্জা শ্বহীদ বেদীৰ দূৰত্ব আছিল প্ৰায় এক কিলোমিটাৰমান। ভূপেন হাজৰিকা দেৱৰ বৰগীত, লোকগীত, আধুনিক গীত, জিকিৰ, বিহু গীত, বাগানিয়া গীত, হোলী গীত, দেহবিচাৰ গীত, ভটিয়ালী গীতৰ লগতে বঙালী, হিন্দী আৰু ইংৰাজী সকলো গীতেই মোৰ অতি প্ৰিয় আছিল। যিহেতু সেইদিনা তেওঁ আমাৰ ঘৰৰ একেবাৰে ওচৰলৈ আহিব, সেয়ে তেওঁক এবাৰ চকুৰে চোৱাৰ মোৰ এক হেঁপাহ জাগি উঠিছিল। সেই সময়ৰ নিৰ্দিষ্ট চন-তাৰিখ এতিয়া মোৰ মনত নাই, কিন্তু মই তেতিয়া সপ্তম বা অষ্টম শ্ৰেণীত পঢ়ি আছিলোঁ।

হাজৰিকা দেৱে শ্বহীদ ভৱনৰ বাকৰিত গীত গাবলৈ আহিব বুলি খবৰটো পোৱাৰ পৰাই মোৰ মনটো উখল-মাখল লাগি আছিল। অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই সেই বিশেষ দিনটো আহি পালে। সেইদিনা দিনৰ ভাগত লগ-বন্ধুবোৰৰ সৈতেও কেৱল হাজৰিকা দেৱৰ কথাই আলোচনা হৈছিল। গধূলি প্ৰায় ৭ বজাত মই তালৈ গ’লোঁ। ঘৰৰ পৰা বেছি দূৰ নোহোৱাৰ বাবে মই গাঁৱৰে এজন ল’ৰাৰ সৈতে খোজকাঢ়িয়েই গৈছিলোঁ। মই গৈ পাওঁতে এগৰাকী মহিলাই লোকগীত গাই আছিল। তেওঁ সম্ভৱতঃ ‘হস্তীৰ কন্যা’ খ্যাত প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়াণী আছিল, কিন্তু কথাটো মোৰ ভালদৰে মনত নাই। তাৰ পিছত হুচৰী আৰু তাৰ পিছত এজন শিল্পীয়ে বহুকেইটা ঢোল একেলগে বজাইছিল, যিজনক মানুহে ‘ঢোলৰ ওজা’ বুলি কৈছিল। সেইদিনা তেওঁৰ নামটো মোৰ জনা নহ’ল।

ইয়াৰ পিছতেই আৰম্ভ হ’ল ড° ভূপেন হাজৰিকা দেৱৰ গীত। সমগ্ৰ বাকৰি মানুহেৰে গিজগিজাই পৰিছিল। তেওঁৰ গীতৰ সুৰে সুৰে মানুহৰ জাউৰিয়ে জাউৰিয়ে অহা হাতচাপৰি আৰু উলাহে শ্বহীদ বাকৰি কঁপাই তুলিলে। গীতৰ মাজতে তেওঁ ক’লে যে যিহেতু ঠাইডোখৰ শ্বহীদ বাকৰি, সেয়ে তেওঁ ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি প্ৰথমেই গাব লাগিছিল। তাৰ পিছত তেওঁ অতি আৱেগেৰে ক’লে— “একো নাই, এতিয়াই গাওঁ” আৰু তেওঁ ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰিলে।

গীত গাই থকাৰ মাজতে যেতিয়া তেওঁ তেওঁৰ বিখ্যাত ‘মেঘে গিৰ গিৰ কৰে’ গীতটো গাবলৈ ধৰিলে, তেতিয়া যেন প্ৰকৃতি দেৱীয়েও হাজৰিকা দেৱৰ গীতৰ সুবাস লৈ ধৰালৈ বৰষুণ নমাই আনিলে। লগে লগে মানুহৰ মাজত হাহাকাৰ আৰু দৌৰা-দৌৰি আৰম্ভ হ’ল। মই আৰু মোৰ বন্ধুজনেও মুখেৰে ‘মেঘে গিৰ গিৰ কৰে’ গীতটো গাই গাই ঘৰৰ পিনে দৌৰ দিলোঁ।

সেইদিনা হাজৰিকা দেৱক নিজ চকুৰে দেখি মই আপ্লুত হৈ পৰিছিলোঁ। বৰষুণ নমাই আনিব পৰা তেওঁৰ গীতৰ সেই যাদুকৰী শক্তিক মই আজিও পাহৰিব পৰা নাই। ল’ৰালি কালৰ এই মধুৰ স্মৃতিটোৱে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত মোৰ মনত পুনৰ এক গভীৰ আৱেগৰ সৃষ্টি কৰিলে।