সুখ-দুখ – প্ৰভাত বণিয়া

Pc LinkedIn

সুখ-দুখ

প্ৰভাত বণিয়া

সুখ আৰু দুখ মানুহৰ জীৱনৰ লগৰীয়া
মুদ্ৰা এটাৰ ইপিঠি সিপিঠি
সুখৰ দিনত প্ৰাণ খুলি হাঁহে
দুখৰ দিনত অভাৱ অনাটন লাজে অপমানে জৰ্জৰিত হয়
বিষাদ মনে চকুলো টুকি দিন কটায়
ভাল দিনত বন্ধু বান্ধৱীৰ অভাৱ‌ নাই
বেয়া দিনত বাটৰ কুকুৰেও বাট‌ এৰি নিদিয়ে
কোনেও ভাল কথা নেদেখে
ভাল মাত নেমাতে
তিলকে তাল কৰি অনৰ্থক অপযশ বিয়পায়
চলপাই শতৰুয়ে বিষোদগাৰ কৰি আত্ম প্ৰচাৰত বিভোৰ হয়
হলা গছ দেখি আনন্দ মনে কুঠাৰ মাৰি পৰম‌ শান্তি পায়
পিছে মনত ৰাখা ভাল
কাৰো দিন সদায় সমানে নাযায়
আজি যি ৰজা কাইলৈ তেওঁ প্ৰজা

ৰথৰ চকৰীৰ দৰে ঘূৰে মানুহৰ
সুখ আৰু দুখ।