সাহিত্যৰথী সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

pc. Wikipedia

সাহিত্যৰথী সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যৰথী সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পাঞ্জাবাৰী উদ্যানৰ বাকৰিত উদ্‌যাপন কৰা হয়৷ অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ডাঃ উপেন কাকতিয়ে৷পতাকা উত্তোলন কৰে সভাপতি অতুল তামুলীয়ে৷ইয়াৰ পাছতে শাখাৰ জন্মলগ্নৰে পৰা জড়িত প্ৰতিষ্ঠাকালৰ কাৰ্যনিৰ্বাহক সদস্য তৰণীসেন তালুকদাৰ, সদস্য আটাউৰ ৰহমান,  প্ৰতিষ্ঠাপক সম্পাদক যোগেন্দ্ৰ কুমাৰ কলিতা, সদস্য প্ৰভাত চন্দ্ৰ হাজৰিকা  আৰু অন্য সাহিত্যৰ লগত জড়িতসকলৰ স্মৃতিত স্মৃতিচাৰণ কৰে উপ-সভাপতি ড°পাৰুল গোস্বামীয়ে৷চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি কৰা সভাত সম্পাদক ডাঃ উপেন কাকতিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ মহেশ্বৰ বৰাই বৰগীত পৰিৱেশন কৰা সভাত উপ সভাপতি ড°পাৰুল গোস্বামী,উপদেষ্টা ৰূপেশ্বৰ গগৈ, শান্তি ৰাম বৰা, দিনেশ চন্দ্ৰ দাসে বক্তব্য প্ৰদান কৰে৷অনুষ্ঠানৰ সাহিত্য বৈঠকখনি  সঞ্চালনা কৰে শাখাৰ উপদেষ্টা ৰূপেশ্বৰ গগৈয়ে৷ অনুষ্ঠানত থিতাতে পৰ্যালোচনা আগবঢ়াই বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰে । প্ৰৱন্ধ পাঠ কৰে ড°জাহানাৰা বেগমে । গল্প পাঠ কৰে পৰাগসূলভ বৰুৱাই । কবিতা পাঠ কৰে মেঘালী বৰা, মফিজুদ্দিন আহমদ, সমীজান বেগম, স্বপ্নালী নাথ, নমিতা ৰাজবংশী আৰু দেব প্ৰসাদ তালুকদাৰে  । ডাঃ উপেন কাকতিয়ে শলাগৰ শৰাই আগবঢ়ায়৷