সাম্প্ৰতিক পৰিস্থিতিৰ নাৰী সমাজ – কবিতা দত্ত বৰুৱা

কবি সকলে নাৰীক লতিকা, অৰ্দ্ধআকাশ আদি আখ্যা দি অহা দেখা যায়। বৰ্তমান বিশ্বৰ বুকুত এনে মানুহৰ সংখ্যা বাঢ়ি আহিছে যিসকলে নাৰীক কেৱল যৌন উৎপীৰড়নৰ আহিলা হিচাবে ব্যৱহাৰ কৰিব বিচাৰে। গৃহস্থ্য হিংসা, দলবদ্ধ ধৰ্ষন, যৌতুকৰ নামত হত্যা আদিৰ দৰে নানান কাৰণত এচাম কৰুণ মৃত্যু ঘটি আহিছে।
সকলো নাৰীয়ে জনা উচিত যে তেওঁলোকৰ দৈহিক গঠন মাতৃ হোৱাৰ সুবিধাকৈয়ে ভগৱানে স্ৰজন কৰিছে। গৰ্ভধাৰণ, সন্তানক স্তনপান আদিৰ নিচিনা মহান কামবোৰৰ কাৰণে নাৰীৰ দেহৰ গঠন পুৰুষৰ দেহতকৈ কিছু পৃথক। কিন্তু এয়া সত্য যে পুৰুষ অবিহনে কোনো নাৰীয়ে স্বয়ং সম্পূৰ্ণ হৈ থাকিব নোৱাৰে। নাৰী-পুৰুষ এজন আনজনৰ পৰিপূৰক।
আজি নাৰীসকলে ঘৰ-বাহিৰ সকলো কামতে পুৰুষৰ সমানে অংশগ্ৰহণ কৰি আহিছে। ৰূপ-সৌন্দয্য, খেল পথাৰ, অভিনয় জগত, শিক্ষা বিভাগ আদিত নাৰীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাই আহিছে। নৃত্য-গীত-বাদ্য আৰু সুকুমাৰ কলা লগতে বৌদ্ধিক সমাজত নাৰী সদায় আগৰনুৱা হৈ আহিছে। বিজ্ঞান সাহিত্য আদিত নাৰীয়ে সৰ্বোচ্চ পাৰদৰ্শিতা আহৰণ কৰিছে। ‘মেৰী কু্যৰী’ৰ নাম অতি সন্মানেৰে লৈ কব লাগিব যে ‘ৰেডিয়াম’ আৱিস্কাৰ কৰি পৃথিৱীত বিজ্ঞানক অতি ওপৰলৈ লৈ যোৱা এই নাৰীগৰাকীয়ে দুবাৰ ন’বেল প্ৰাইজ পাবলৈ সমৰ্থ হৈছিল।
আগতে পৃথিৱীৰ সংসদীয় ব্যৱস্থাসমূহত মহিলাৰ যোগদান তেনেই তাকৰ আছিল। পুৰুষ অনুপাতে মহিলাৰ যোগদান আছিল তেনেই কম। এতিয়াও বিশ্বৰ কোনো এখন দেশেই ২০২০ বৰ্ষৰ শেষলৈ লিংগ সমতাৰ লক্ষ্যত উপনীত হব পৰা নাই। ‘অসমীয়া খবৰ’ত প্ৰকাশ পোৱা বাতৰি এটাত গম পোৱা যায় যে যোৱা বছৰটোত সংসদীয় ব্যৱস্থাত মহিলাসকলৰ লক্ষণীয় উত্থাপন আৰু সফলতাৰ খবৰ। ২০২০ অকটোবৰ মাহত প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ মহিলা সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰা মতে পৃথিৱীত সংসদীয় ব্যৱস্থাসমূহত মহিলাৰ অংশগ্ৰহণ দুগুণ বৃদ্ধি পাইছে। অৰ্থাৎ বৰ্তমান ২৫ শতাংশ সংসদীয় আসনত মহিলা উপৱিষ্ঠ হৈছে। পৃথিৱীৰ ২০খন দেশৰ নেতৃত্ব বহন কৰিছে মহিলাই। ১৯৯৫ চনত এই সংখ্যা আছিল ১২।
সংসদীয় ব্যৱস্থা বা ৰাজনীতিৰ পথাৰত অধিক সংখ্যক মহিলাৰ যোগদানে এইটো প্ৰকাশ নকৰে যে মহিলা সকলৰ সামাজিক মৰ্যদা সামূহিকভাৱে উন্নতিৰ পথত অগ্ৰসৰ হৈছে। ইছলামিক দেশ সমূহত মহিলাৰ মৰ্যদা সদায় থৰক-বৰক হৈ থকা যেন অনুভৱ হয়। উগ্ৰবাদী সকলৰ আস্তিত্ব যেতিয়ালৈ থাকিব তেতিয়ালৈ সেই দেশ সমূহত নাৰীসকল সূৰক্ষিত নোহোৱাকৈয়ে থাকিব।
১৩ জুলাই ২০১৬ত প্ৰকাশিত ‘দেওবৰীয়া খবৰ’ত প্ৰকাশ পোৱা প্ৰৱন্ধ ‘দ্য লায়ন কুইন’ পঢ়ি ৰোমাঞ্চিত হৈ উঠিব লাগে। আমাৰ অসমৰ ভূমি খণ্ডত কেবাখনো সংৰক্ষিত বনাঞ্চল আছে। কৰুণভাৱে মৃত্যু ঘটে এই বনাঞ্চলৰ জীৱ-জন্তুসমূহৰ। অন্তঃৰ্জাতিক চোৰাংচোৱা সকলৰ দ্বাৰা নিয়ন্ত্ৰিত চিকাৰী বিলাকে জীৱৰ দেহৰ বিভিন্ন অঙ্গৰ বাবেই নিৰ্বিচাৰ হত্যালীলা চলাই আহিছে। দুৰ্নীতিগ্ৰস্ত বনকৰ্মী সকলোৱেও বন্য জীৱৰ হত্যা আজিও ৰোধ কৰিব পৰা নাই। সৎ বনকৰ্মী, বিষয়াসকলে সুস্থিৰ মতে নিজৰ দায়িত্ব পালন কৰিবলৈ বহুতো অসুবিধাৰ সন্মূখীন হব লগা হয়।
দ্য লায়ন কুইন বিশ্বৰ একমাত্ৰ মহিলা বন সুৰক্ষা বাহিনী। এই বাহিনী নিয়োজিত হৈ আছে গুজৰাতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত। সমগ্ৰ বিশ্বত বন্য প্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত ললেও চোৰাং চিকাৰীয়ে নিয়মিতভাৱেহত্যা কৰি আছে অবৈধ বন্য প্ৰাণীক। বিপদৰ সন্মূখীন হোৱা বন্য প্ৰাণীৰ উদ্ধাৰ, চোৰাং চিকাৰীৰ পৰা এনে প্ৰাণীসমূহক ৰক্ষা কৰাৰ বাবে পৃথিৱীৰ প্ৰত্যেক দেশৰে আছে বিশেষ বাহিনী। বিপদসংকুল জংঘলৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ তথা উদ্ধাৰ আদি সহজ কথা নহয়। সেয়ে এই কামত নিয়োজিত কৰা হয় স্বাভাৱিক ভাৱেই পুৰুষক। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ল গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মহিলা বাহিনী। 2012 বৰ্গ কিলোমিটাৰ আৱৰা এই অঞ্চলত 2000 চনত প্ৰথম মহিলা কৰ্মী সকলক নিযুক্তি দিয়া হয়। গুজৰাট চৰকাৰে বন বিভাগৰ চাকৰিত ৩৩ শতাংশ মহিলাৰ বাবে সংৰক্ষিত কৰা হেতুকে তাত এটা মহিলা সংগঠনও গঢ়ি উঠে। তেওঁলোকে সম্পূৰ্ণ বনাঞ্চল ঘূৰি বিপদৰ সন্মুখীন হোৱা সিংহ আদিক উদ্ধাৰ, মাতৃৰ পৰা বিপদাপন্ন হোৱা সিংহ পোৱালীক উদ্ধাৰ কৰি প্ৰতিপালন কৰা, ঘঁৰিয়াল থকা অঞ্চলত বোকাত সোমাই আবদ্ধ হৈ পৰা সিংহক উদ্ধাৰ, আঘাতপ্ৰাপ্ত বনৰীয়া সিংহক চিকিৎসা প্ৰদান, চোৰাং চিকাৰীৰ পৰা এই সিংহ সমূহৰ লগতে উদ্যানখনত থকা আন জীৱ-জন্তুসমূহক উদ্ধাৰ কৰা আদি জন্তু প্ৰধান।
দ্য লায়ন কুইন ১ কৰ্মৰাজি পঢ়ি ভাৱ হয় নাৰীসকলে নিজকে অৱলা বুলি ভাৱি মানসিক অসান্তিত ভূগি থকা অচিত নহয়। সকলো নাৰীয়ে নিজৰ শাৰিৰীক আৰু মানসিক শক্তি বিকাশৰ চেষ্টা কৰা উচিত। পৰিতাপৰ কথা যে নাৰীসকলৰ বহুতে পৰিয়ালৰ অইন নাৰীৰ ওপৰত সৰু সৰু কথাতে মানসিক দুখ দি আত্মসন্তুষ্টি লাভ কৰা পৰিলক্ষিত হয়। পৰিয়ালৰ পুত্ৰসকলে বিয়াৰ পাছত ইজনে আনজনৰ শত্ৰু হৈ কৰা দুৰ্ভাগ্যজনক ঘটনা বুলিয়েই মানি লব লাগিব। নাৰীয়ে নিজক মানুহ বুলি ভাৱাহে উচিত। এইসকল নাৰীয়ে পৰিয়াল তথা সমাজৰ কণ্টক স্বৰূপ।
নৈতিকতা নাৰীৰ ভূষন হোৱা উচিত। পুত্ৰ-কন্যা সকলক নৈতিকতাৰ বান্ধোনেৰে বান্ধি ৰাখিব পাৰিলে ধৰ্ষণ বা অইন যৌন কাৰক সমূহৰ পৰা কিছু হলেও পৰিত্ৰান পাব পাৰি। ধন-সম্পত্তিক লৈও নাৰীসকলে তীৰ্য্যক মন্তব্য কৰাৰ সাহস কৰা উচিত। পিছে, লুভিয়া নাৰী সকলৰ কাৰণে বহুতো পতি সৎ পথৰ পৰা বিচু্যত হৈ অসৎ পথত নামি ধন আহৰণ কৰাৰ নিৰ্দেশনো কম নহয়।
সৎ কথাত সকলো নাৰীয়ে স্পষ্টবাদী হোৱা উচিত। তেতিয়াহলে সমাজৰ বহুতো আসোঁৱাহ আতৰাবলৈ সুবিধা হব পাৰে।