সাংবাদিক অনিল দাসৰ মৃত্যুত জামুগুৰি প্ৰেছ ক্লাবৰ শোক

সাংবাদিক অনিল দাসৰ মৃত্যুত জামুগুৰি প্ৰেছ ক্লাবৰ শোক

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ নোগোৰা কুঁৱৰী গাঁৱৰ নিবাসী তথা বিশিষ্ট ফটো সাংবাদিক ,জামুগুৰি প্ৰেছ ক্লাবৰ উপদেষ্টা অনিল দাসৰ মৃত্যুত গভীৰ শোক কৰিছে জামুগুৰি প্ৰেছ ক্লাবে ।ক্লাবৰ সভাপতি প্ৰসেনজিৎ শইকীয়া,কাৰ্যকৰী সভাপতি মৃদুল বৰা ,যুটীয়া সম্পাদক ৰিতুপন দত্ত আৰু ৰিতু শইকীয়াই এক প্ৰেছ টোকে যোগে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।উল্লেখ্য যে গোলাঘাট এগৰাকী প্ৰবীণ সাংবাদিক তথা ঔপন্যাসিক প্ৰয়াত গুণাৰাম দাসৰ বৰ পুত্ৰ অনিল দাসে ছাত্ৰ অৱস্থাতে পিতৃৰ সহযোগিতা ফটো সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰা মৃত্যু আগমূহুতলৈকে অসমীয়া প্ৰতিদিন কাকতৰ ফটো সাংবাদিক আছিল।