সময়ৰ হাতত টোকাবহীখন*( শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিচাৰৰ চৰণত)- নিহাল গগৈ কৃষি স্নাতকোত্তৰ ছাত্ৰ

সদৌ অসম ছাত্ৰ সমাজে মহীৰূপ শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি ছাৰৰ স্মৃতিত আয়োজন কৰা কবিতা লিখা প্ৰতিযোগিতা ৰ ফলাফল সমূহৰ স্থান প্ৰাপ্ত কবিতা সমূহ 

বিচাৰকৰ বিশেষ বটা-

সময়ৰ হাতত টোকাবহীখন*
( শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিচাৰৰ চৰণত)

এজন আপোচহীন লেখকৰ মৃত্যুত
ম’হঘুলি চাপৰিত বিষাদৰ বন্যা বোৱা দেখি
শালিকাৰ জাকটোৱে
ম’হজাকৰ কান্ধত বহি কানে কানে ক’লে
তেওঁ গ’ল গৈ…….
ইচ্ছা মৃত্যু কলমটোৰ চিয়াঁহী শুকাল
বতাহৰ লগত মিলি গ’ল প্ৰাণবায়ু।

মূধচটো খহি পৰাত হতবাক মানুহবোৰে চিঞৰি উঠিল
যাওঁ বুলিয়েই ক’তনো হেৰাই গ’ল মানুহটো?

বেলি লহিয়ালে এন্ধাৰ নামে
এন্ধাৰৰ বুকুত উজ্জ্বল তৰা থাকে
কোনে জানে তৰাবোৰ আঁতৰি গ’লে
জোনাক হ’বলৈ কিমান পৰ লাগে?

লেখকৰ মৃত্যুত ক্ষতি হয় পাঠক
ক্ষতিগ্ৰস্ত পাঠকৰ অশ্ৰুৱে ভিজি যায়
টোকাবহীৰ উকা কাগজ……..।

সেই লেখকজন এদিন আহিব….!!
তেওঁৰেই লিখনিত উটি ভাহি আকৌ এবাৰ লেখিব,
চিৰন্তন বাস্তৱ,
মৃত্যুত পৰিব পাৰে লেখক
কিন্তু লিখনিবোৰ ৰৈ যায় অমৰ হৈ সময়ৰ হাতত।

✍নিহাল গগৈ
কৃষি স্নাতকোত্তৰ ছাত্ৰ