সময়ক যিয়ে বুজি পাই সেইজনৰ বিপদ কেতিয়াও নহয়
অমিয়া বেগম
সময় হৈছে আটাইতকৈ দামী বস্তু, আমি সময় কেতিয়াও নষ্ট কৰিব নালাগে। আমাৰ সকলোৰে হাতত ২৪ ঘণ্টা সময় থাকে, কিন্তু সময়ক পৰিচালনা কৰাটোহে অতি গুৰুত্বপূৰ্ণ কথা। সঠিক সময়ত আমি সকলো কাম কৰাৰ ক্ষমতা আমাৰ নিজৰ হাতত থাকে কিন্তু ব্যৱহাৰ কৰাটো নিজৰ। যোৱা সময় কেতিয়াও ঘূৰি নাহে, গতিকে বৰ্তমানক সদ্ব্যৱহাৰ কৰাটো অতি দৰকাৰ।
সুস্থ আৰু সফল জীৱনৰ বাবে সময়ানুবৰ্তিতা অপৰিহাৰ্য। সময়ৰ যত্ন ললেহে সময়ে আমাৰ যত্ন হ’ব। আমাৰ হাতত যেতিয়া সময় মজুত থাকে তেতিয়া আমি সিদ্ধান্ত ল’ব লাগে। কাৰণ সময়ক আমি সলনি কৰিব নোৱাৰো, সময় ৰৈ নাথাকে। কিন্তু সিদ্ধান্তক সলনি পৰা যায়। সময়ক সৎ ব্যৱহাৰ কৰি চলিলে সকলো কাম অতি সহজতে সমাধান কৰিব পাৰি।
যদি সঠিক ভাৱে সময় ব্যৱহাৰ কৰিব পৰা নাযায়, শিক্ষাৰ ক্ষেত্ৰতো কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সময়ৰ অভাৱত ভালদৰে পঢ়া-শুনা কৰিব নোৱাৰা বুলি শুনিবলৈ পাওঁ। সময় কিন্তু আমাৰ নিজৰ হাতত, তাক ব্যৱহাৰ কৰিব জনাটো হে প্ৰধান কাম। তেনে ক্ষেত্ৰত ডায়েৰী এখন লৈ প্ৰতিদিনে কোনটো কাম কিমান সময় কটোৱা হয়, সেইমতে মানি চলিলে আমি নিশ্চয় উপকৃত হ’ব পৰা যাব। আমি অদৰকাৰী কামত কেতিয়াও সময় নষ্ট কৰিব নালাগে, কাৰণ আমাৰ প্ৰত্যেক জন মানুহৰ নিজৰ নিজৰ দক্ষতা আছে। আমি সময়বোৰ অৱাবত ক’ত ক’ত খৰছ কৰি আছোঁ সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ ব্যৱহাৰ জানিব লাগিব। আজি যদি কাম এটা কৰিব লাগিছিল, সেই কামটো যদি এলাহ কৰি কালি কৰিব বা সময় আছে পিছত কৰিম বুলি ৰৈ থাকো তেতিয়া হ’লে সময়ত কেতিয়াও কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰিম।
গতিকে আমি সদায় সঠিকভাৱে সময় ব্যৱহাৰ কৰি ভাবি চিন্তি কাম কৰিলে কেতিয়াও বিপদত পৰিব লগা নহয়। সময় আমাৰ বাবে ৰৈ নাথাকে, আমি নিজেই সময়ৰ সৈতে সলনি হৈ গৈ থাকিব লাগিব।
