সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমচু)ৰ কমিটি গঠন

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমচু)ৰ কমিটি গঠন

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা–  সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমচু)ৰ নগাওঁ জিলা সমিতিৰ অন্তৰ্গত চহৰীয়া আঞ্চলিক সমিতি খন গঠন কৰা হয় । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমচু)ৰ নগাওঁ জিলা সমিতিৰ সভাপতি আব্দুৰ নুৰৰ সভাপতিত্বত বটাবাৰি এ কে মধ্য ইংৰজী বিদ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাত স্বৰিফুল ইছলামক সভাপতি, শ্ববব্দুল হক, মইছিল আহমেদক উপ সভাপতি, ইকবাল হছেইন আৰু তাইজ উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ আমচুৰ ৩১ জনীয়া চহৰীয়া আঞ্চলিক সমিতি খন গঠন কৰা হয় । সভা খনত উপস্থিত থাকি আমচুৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্রাফুল হুছেইনে বাল্য বিবাহ, শিশু শ্ৰমিক, ড্ৰাগছ আদিৰ বিৰুদ্ধে ভাষন প্ৰদান কৰে । উক্ত সভা খনত আমচুৰ জিলা সমিতিৰ শিক্ষা সচিব জহিৰুল ইছলাম, সাংগঠনিক সম্পদক হিবজুৰ ৰহমান, বাটদ্ৰবা আঞ্চলিক সমিতিৰ সভাপতি মুক্তাৰ হুছেইন, টুকটুকী আঞ্চলিক সমিতিৰ সভাপতি ফকৰুল ইছলামকে আদি কৰি আঁমচুৰ বিষয় ববিয়া সকল উপস্থিত আছিল।