সঞ্জয়ৰ স্বাস্থ্যৰ বাবে ভয় খাইছিলো: অভিনেতা যশ

সঞ্জয়ৰ স্বাস্থ্যৰ বাবে ভয় খাইছিলো: অভিনেতা যশ

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেতা যশে কৈছিল যে অভিনেতা সঞ্জয় দত্তই তেওঁৰ স্বাস্থ্যজনিত সমস্যা থকা স্বত্বেও কেজিএফ: অধ্যায় ২ চলচ্চিত্ৰখনত নিজকে সমৰ্পিত কৰিছিল। “মই তেওঁৰ বাবে বৰ ভয় খাইছিলো। মই সকলোকে সাৱধানে থাকিব কৈছিলো। কিন্তু সঞ্জয়ে মোৰ ওচৰত আহি কয় যশ, দয়া কৰি মোক অপমান নকৰিব। মই কৰিম আৰু মই এইটো কৰিব বিচাৰো। মই মোৰ সৰ্বশ্ৰেষ্ঠ দিব বিচাৰো’, যশে লগতে কয়।