সকলো তথ্য সুৰক্ষিত: চৰকাৰ

p.c.Hindustan Times

সকলো তথ্য সুৰক্ষিত: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰই কোউইনৰ পৰা তথ্য লিক হোৱা বুলি দাবী কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহ খাৰিজ কৰি কয় যে তথ্যবোৰ “সুৰক্ষিত হৈ আছে”।  প্ৰতিবেদনত দাবী কৰা হৈছিল যে কােউইনৰ বাবে নিৰ্ধাৰিত ২০,০০০ ৰো অধিক ভাৰতীয়ৰ কোভিড-১৯ সম্পৰ্কীয় ব্যক্তিগত তথ্য চৰকাৰী চাৰ্ভাৰৰ পৰা লিক কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে বাতৰিটোৰ সাৰ্থকতা সম্পৰ্কে অনুসন্ধান কৰিব, কেন্দ্ৰই লগতে কয়।