শৰীৰৰ ৰোগ প্ৰতিৰোধক এণ্টিঅক্সিডেন্ট- ডাঃ বিজিতা চুতীয়া

Pc CareSpot

শৰীৰৰ ৰোগ প্ৰতিৰোধক এণ্টিঅক্সিডেন্ট

এন্টিঅক্সিডেন্ট হৈছে এবিধ উপাদান যি আমাৰ শৰীৰত স্বাভাৱিকভাৱে উৎপন্ন হয়। ইয়াৰ উপৰি বিভিন্ন খাদ্যবস্তুত এণ্টিঅক্সিডেণ্ট সন্নিৱিষ্ট হৈ থাকে। এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰটো বিনষ্টকাৰী ফ্রী ৰেডিকেলসমূহৰ পৰা ৰক্ষা কৰে। বিভিন্ন কাৰণত মানুহৰ শৰীৰত কিছুমান ফ্রী ৰেডিকেলছ অর্থাৎ অস্থিৰ ক্ষুদ্ৰ অণুৰ সৃষ্টি হয়, যিয়ে আমাৰ শৰীৰটো ক্ৰমাৎ ধ্বংস কৰি অৱশেষত মৃত্যুমুখলৈ ঠেলি দিয়ে। ফ্রী-ৰেডিকেলে আমাৰ দেহ কোষাৱৰণৰ লগতে চেলুলাৰ প্ৰ’টিন, লিপিড আৰু ডি এন এ ধ্বংস কৰে। আমাৰ দেহত যেতিয়া অত্যধিক ফ্রী ৰেডিকেলৰ উৎপন্ন হয় তেতিয়া অনেকবিধ ৰোগৰ সৃষ্টি হয়। সেইসমূহ হৈছে হৃদৰোগ, কেঞ্চাৰ, ৰিউমেটউড আর্থ্রাইটিছ, পাৰকিনচন ডিজিজ, আলঝেইমাৰ, স্নায়ুৰোগ ইত্যাদি। ফ্রী-ৰেডিকেলসমূহ ধূমপানৰ ফলত, মদ্যপানৰ জৰিয়তে, প্ৰদূষণ বা মানসিক চিন্তাৰ ফলত আমাৰ দেহত উৎপন্ন হয়। এণ্টিঅক্সিডেন্টে ফ্রী ৰেডিকেলসমূহ অকামিলা কৰি শৰীৰক উপৰিউক্ত ৰোগসমূহৰ পৰা ৰক্ষা কৰে। যদিও আমাৰ শৰীৰত স্বাভাৱিকভাৱে এণ্টিঅক্সিডেণ্টৰ উৎপন্ন হয় তথাপি – ইয়াৰ পৰা সম্পূর্ণ উপযোগিতা পোৱা নাযায় আৰু বয়স বঢ়াৰ লগে লগে এই উপযোগিতা লাহে লাহে হ্রাস পায়। সেয়েহে আমি এণ্টিঅক্সিডেন্টযুক্ত খাদ্য আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰাটো দৰকাৰী।

এণ্টিঅক্সিডেন্ট থকা খাদ্যসমূহ হৈছে— ভিটামিন এ, ভিটামিন-চি, ভিটামিন-ই, কিছুমান মিনাৰেল যেনে- কপাৰ, জিংক, ছিলেনিয়াম, ফাইট’কেমিকেলযুক্ত উদ্ভিদজাত আহাৰ ইত্যাদি। কিছুমান এণ্টিঅক্সিডেণ্ট আৰু খাদ্যৰ তালিকা তলত উল্লেখ কৰা হৈছে

(১) ভিটামিন-এ : লিভাৰ, মিঠাআলু, গাজৰ, গাখীৰ, কণীৰ কুহুম ইত্যাদি।

(২) ভিটামিন-চি : কমলা, আম, পালেং, কেপচিকাম ব্রুকলি।

(৩) ভিটামিন-ই : ভেজিটেব্‌ল অইল, এভ’কেড, বাদাম।

(৪) বিটা কেৰ’টিন : ৰঙালাউ, আম, গাজৰ পালেং, এপ্রিকট।

(৫) ফ্লেভনয়ডছ :  গ্ৰীন টী, চাইট্ৰাছ ফল, ৰেড বাইন, পিঁয়াজ, আপেল।

(৬) লাইক’পিন : বিলাহী, আঙুৰ, তৰমুজ।

(৭) জিংক : সাগৰীয় খাদ্য, গাখীৰ, বাদাম।

(৮) ছেলেনিয়াম : সাগৰীয় খাদ্য, অফাল, লীনমিট, শস্যজাতীয়।

(৯) কেটেচিন : ৰেড ৱাইন, চাহ ইত্যাদি।

এতিয়া আমি ফ্ৰী ৰেডিকেলৰ পৰা উদ্ভৱ হোৱা ৰোগসমূহ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰা কেইবিধমান এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যৰ বিষয়ে আলোচনা কৰিম।

(ক) ফলমূল : ফলমূল হৈছে এণ্টিঅক্সিডেণ্টৰ ভঁৰাল। বিভিন্ন ধৰণৰ বেৰী যেনে— ৰাচ্‌শব্ৰেৰী, ব্লুব্বেী, ষ্ট্ৰবেৰী, ব্লেকবেৰী আদিত থকা ‘প্রএনথচায়নিডিন’ নামৰ এণ্টিঅক্সিডেণ্টে কেঞ্চাৰ আৰু হৃদৰোগ হোৱাত বাধা দিয়াৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰে। আনহাতে আপেলত থকা ‘কোৱেৰচিটিন’ আৰু ‘ৰোটিনজ’ নামৰ এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰৰ কোষসমূহ ধ্বংস হোৱাৰ পৰা বচায়, লগতে তেজ চলাচল বৃদ্ধি কৰে। কঁঠালত থকা ‘এ’ ভিটামিনে হাওঁফাওঁৰ দুৰ্বলতা আৰু কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে। ‘চি’ ভিটামিনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ‘কেৰ’টিনয়ড’বিলাকে হাওঁফাওঁৰ কৰ্কট ৰোগ, চকুৰ চানি পৰা ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰি আঙুৰ, নাচপতি, মধুৰিআম, কমলা, আম, তৰমুজ আদিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে।

(খ) সেউজীয়া শাক-পাচলি : ব্রুকলিত অত্যধিক পৰিমাণে ভিটামিন ‘চি’ আৰু ‘ছালফাৰেফেন’ নামৰ ফাইটনিউট্রিয়েন্ট থাকে যিয়ে  বিভিন্ন ধৰণৰ কেঞ্চাৰ হোৱাৰ পৰা ৰক্ষা কৰে। বিলাহীত থকা এণ্টিঅক্সিডেণ্ট ‘লাইক’পিনে’ কেঞ্চাৰ প্ৰতিৰোধ কৰে। বিটত থকা ‘বিটালেইনচ’ নামৰ এণ্টিঅক্সিডেন্টে অষ্টিঅ’ আৰ্দ্ৰাইটিছৰ ফলত উদ্ভৱ হোৱা বিষ নিৰাময়ত সহায় কৰে। ইয়াৰ উপৰি পালেং, গাজৰ, ছালাড পাত, মিঠাআলু, ৰঙালাউ, স্কোৱাছ, বন্ধাকবিত এণ্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।

(গ) মছলা : মছলাই যেনেকৈ আমাৰ আহাৰৰ সোৱাদ আৰু সৌন্দর্য বৃদ্ধি কৰে, ঠিক তেনেদৰে ইয়াত থকা এন্টিঅক্সিডেণ্টে বিভিন্ন ৰোগৰ পৰা আমাক বচায়। নহৰুত ভিটামিন-এ, চি, ছিলেনিয়াম, জিংক ইত্যাদি থাকে যিয়ে উচ্চ ৰক্তচাপ আৰু তেজত থকা কলেষ্টেৰ’ল কমোৱাত সহায় কৰে লগতে কেঞ্চৰ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰি আমাৰ খাদ্যত সাধাৰণতে ব্যৱহৃত মছলাসমূহ যেনে— দালচিনি, হালধি, জিৰা, ধনিয়া, পিঁয়াজ, তুলসীপাত, নৰসিংহ পাত, সৰিয়হ, আদা, জালুক, জলকীয়া আদিত এণ্টিঅক্সিডেণ্ট পোৱা যায়।

(ঘ) বিভিন্ন পানীয়: আপেলৰ ৰস, চিডাৰ, বিলাহী ৰস, ডালিমৰ ৰস ইত্যাদিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে। গ্রীন টীত থকা ‘কেটেচিন’ নামৰ এণ্টিঅক্সিডেণ্টে তেজ গোট মৰা বন্ধ কৰে, পাৰকিনচনছ ডিজিজ আৰু ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা কমাই দিয়ে। মন কৰিবলগীয়া কথা যে গ্রীন টী বা ব্লেক টীত গাখীৰ মিহলালে এণ্টিঅক্সিডেণ্টৰ গুণাগুণ নষ্ট হৈ যায়।

(ঙ) নাটছঃ আখৰোট, আলমণ্ড, কাজু অদিত ভিটামিন-ই থাকে যিয়ে তেজৰ কলেষ্টেৰ’ল কমায়, হৃদৰোগ প্ৰতিৰোধ কৰে আৰু আমাৰ ছালখন সুন্দৰ আৰু মসৃণ কৰি তোলে।

(চ) ডার্ক চক’লেট : বিভিন্ন পৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে যিবোৰ মহিলাই নিতৌ ডার্ক চকলেট খায় তেওঁলোকৰ আন মহিলাৰ তুলনাত ষ্ট্ৰোক হোৱাৰ আশংকা শতকৰা ২০ ভাগ কমি যায়। ই উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে লগতে আমাৰ তেজত ভাল কলেষ্টেৰ’ল (এইচ ডি এল) বঢ়ায় আৰু বেয়া কলেষ্টেৰ’ল কমায়। কিন্তু মনত ৰখা উচিত যে ডার্ক চক’লেটত অত্যধিক পরিমাণে কেফেইন, চেনি আৰু চর্বি থাকে সেয়েহে সীমিতভাবে এইসমূহ খোৱা উচিত।

ডাঃ বিজিতা চুতীয়া