শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Pc Onmanorama

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত অব্যাহত আছে দাম্পাৰ চালকৰ দৌৰাত্ম৷ নিশা মহানগৰী পুৰণি শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ অচিনাকি দাম্পাৰে নদীৰ বোকা মাটি কঢ়িয়াই অনা দাম্পাৰে পেলাই থৈ যোৱাৰ ফলত এই দুৰ্ঘটনা সমূহ সংঘটিত হয়৷এখন AS01KC9359 নম্বৰৰ বালি ভৰ্তি দাম্পাৰ আমিনগাঁও দিশৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই খুন্দা মাৰি দলঙৰ ৰেইলিং’ত ৷আনহাতে এখন AS02AF1760 নম্বৰ চাৰিচকীয়া বহন ও নিয়ন্ত্ৰণ হেৰাই দাম্পাৰ খনত খুন্দা মাৰে,আৰু বহুতো আন দুচকীয়া বহন ও দুৰ্ঘটনা গ্ৰস্ত হয়৷ঘটনা স্থলীত জালুকবাৰী যান বহন আৰক্ষী উপস্থিত হৈ পৰিস্থতি নিয়ন্ত্ৰণ কৰে৷বৰ্তমান এই সন্দৰ্ভত কোনো লোক আঘাত প্ৰাপ্ত হোৱা নাই৷