“শ্ৰীসূৰ্য পাহাৰৰ ঐতিহাসিক গুৰুত্ব” – প্ৰণিতা দত্ত বৰুৱা, ভৰলুমুখ, গুৱাহাটী

pc Wikipedia

        ভাষাৰ অতীত গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰৰ প্ৰাকৃতিক শোভা। পৰম বিস্ময়কৰ এই পাহাৰৰ অপূৰ্ব ভাস্কৰ্যসমূহ। পূৰণি অসমীয়া প্ৰাগজ্যোতিষৰ পৰম গৌৰৱৰ থলি শ্ৰীসূৰ্য পাহাৰৰ প্ৰাচীন কীৰ্তিচিনবোৰৰ পৰা অতি সু-সমৃদ্ধ, সংস্কৃতি পৰায়ণ অতীতৰ আদিবাসী সকলৰ উন্নত সংস্কৃতি মানসিকতাৰ পৰিচয় পোৱা যায়। বহুতে ক’ব খোজে যে কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী শ্ৰীসূৰ্য পাহাৰৰ সমীপত আছিল। হিউৱেন চাঙৰ লিপিবদ্ধ বৰ্ণনা অনুসৰি সূৰ্য পাহাৰৰ সমীপত ভাস্কৰ বৰ্মাৰ ৰাজধানীৰ আভাস পোৱা যায়।
উল্লেখযোগ্য যে, এই মন্দিৰত পুৰণি কালত সূৰ্য দেৱতাক আৰাধনা কৰা হৈছিল বাবেই ইয়াৰ নাম শ্ৰীসূৰ্য মন্দিৰ হৈ উঠে। আনকি কালিকা পুৰাণত উল্লেখ থকা মৰ্মে আদিতে অসমৰ দুই ঠাইতেই সূৰ্য পূজা বা আৰাধনা কৰা হৈছিল আৰু শ্ৰীসূৰ্য পাহাৰেই প্ৰথমটো বুলি চিনাক্তকৰণ কৰা হৈছে। শিলত খোদিত কৰা ফলক এখন মন্দিৰটোত এতিয়াও আছে য’ত সূৰ্যদেৱতাক উপাসনা কৰা হৈছিল বুলি গৱেষণাই প্ৰকাশ কৰে। পুৰাতাত্ত্বিক গৱেষণাই এই কথাই স্পষ্ট কৰে যে এই ঘূৰণীয়া শিলত কাটি উলিওৱা ফলকখনৰ ভিতৰৰ ঘূৰণীয়া অংশ প্ৰজাপতি আৰু বাহিৰৰ অংশ পদুমফুলৰ ১২ টা পাহি, যি সূৰ্যৰ বাৰটী বিভিন্ন নামেৰে বিভক্ত। সেইবোৰ ক্ৰমে ধাৰ্তি, মিত্ৰ, আৰ্যমান, ৰুদ্ৰ, বৰুণ, সূৰ্য, ভ’গ, বিভাষণ, পুষন, স্বাৱিত্ৰী, বাস্ত্ৰী আৰু বিষ্ণু। জনা যায় যে অতীতৰ সাতটা ঘোঁৰাই টনা সূৰ্য দেৱতাৰ মূৰ্তিটো দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায়।
শ্ৰীসূৰ্য পাহাৰত কাটি উলিওৱা ১ কম একলাখ শিৱলিংগ, দ্বাদশভূজা বিষ্ণু, নানাধৰণৰ মূৰ্তিসমূহ, বৌদ্ধস্তুপ সমূহ আৰু সেইসমূহৰ বিশেষত্ব, জৈন ধৰ্মৰ আদিনাথ আৰু মহাবীৰৰ মূৰ্ত্তি আৰু বিশেষকৈ মহাদেৱ পাহাৰত থকা বহুতো প্ৰচীন স্মৃতি চিহ্ন লগতে স্থানীয় আদিবাসীসকলৰ অৱহেলাৰ বাবে ইতিমধ্যে লুপ্ত হোৱা সংস্কৃতিখিনিৰ মাজত বহুতো পুৰণি ঐতিহাসিক সমল বিচাৰি পোৱা যাব। সূৰ্য পাহাৰ আৰু ওচৰৰ পাহাৰখিনিৰ মাজত বহুতো গৱেষণাৰ থলি আছে। উক্ত অঞ্চলটোৰ প্ৰত্যেটো শিলেই যুগ যুগ ধৰি কালৰ নিৰ্মম আঁচোৰ সহ্য কৰিও নিজৰ অস্তিত্ব সগৌৰৱে ঘোষণা কৰি আছে। নৱ-প্ৰজন্মক যেন হাত- বাউলি মাতি আছে, অহা মোৰ ৰহস্য, সত্য উদঘাটন কৰা। মোৰ বুকুৰ মাজত থকা অফুৰন্ত জ্ঞানৰ ভঁৰাল, অতীত কীৰ্তি-চিন, কাহিনী জগত সভাত বিলাই দিয়া।
কুমাৰ ভাস্কৰ বৰ্মাৰ তামৰ ফলি আৱিষ্কাৰ হোৱাৰ পিছৰ পৰাহে পুৰণি অসম তথা প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ ইতিহাসৰ প্ৰমাণ্য সূত্ৰ জানিব পৰা গৈছে। চাৰি শতিকাৰ পৰা উক্ত সূত্ৰৰ পৰা ইতিহাস যুগুত কৰা সম্ভৱ হৈছে। সি যি কি নহওঁক, পুৰাতাত্ত্বিক বিভাগৰ উদ্যোগত নিৰৱচিন্নভাৱে শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে গৱেষণা কৰিলে বহুটো উপাদান, তথ্য আৰু ঐতিহাসিক গৌৰৱৰ সমল আৱিষ্কৃত হ’ব।