শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাদেৱৰ বাসভৱনত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc Facebook

শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাদেৱৰ বাসভৱনত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা – গহপুৰৰ সমীপৰ বৰঙাবাৰীত শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাদেৱৰ বাসভৱনত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে শ্বহীদগৰাকীৰ ভাতৃ বৰুৱাদেৱক সৌহাৰ্দ্যমূলক সাক্ষাৎ কৰে। অসমৰ গৌৰৱ বীৰাংগনা কনকলতা বৰুৱাৰ দেশৰ বাবে কৰা ত্যাগ তথা আত্মাহুতি অসমবাসীয়ে যুগে যুগে স্মৰণ কৰি থাকিব। সেই শুভক্ষণত বৰুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বীৰাংগনাগৰাকীৰ বীৰগাথা সৰ্বত্ৰ প্ৰচাৰৰ অৰ্থে অসম চৰকাৰে সদায়েই অহোপুৰুষাৰ্থ কৰি যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনাই।

pc Facebook

তাৰোপৰি, শ্বহীদ মুকুন্দ কাকতি আৰু স্বাধীনতা সংগ্ৰামী ৰামপতি ৰাজখোৱাক শ্ৰদ্ধাঞ্জলি জনাই দুয়োগৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সদস্যসকলক সৌজন্যমূলক সাক্ষাৎ কৰে। পৰিয়াল দুটাৰ বিভিন্ন সমস্যাৰাজিৰ বুজ লৈ অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে। মুকুন্দ কাকতিদেৱ আৰু ৰামপতি ৰাজখোৱাদেৱৰ মাতৃভূমিৰ প্ৰতি থকা প্ৰেমে যুগে যুগে অসমবাসীক উদ্বুদ্ধ কৰি থাকিব উল্লখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।