শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বহু প্ৰতিশ্ৰুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ খামুন ৰংগমঞ্চত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায়৷এই প্ৰচাৰ অভিযানত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি তালিকা৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দি কয় যে,” বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে৷থাওৰা সমষ্টিত অনাগত ৩ মাহৰ ভিতৰত অতিৰিক্তভাবে ৫ হাজাৰ লোকক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বেই এক লাখ নিৱনুৱাক চাকৰি দিয়া হ’ব৷থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কাম নৱেম্বৰ মাহৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰা হ’ব৷দিচাং নদীৰ ওপৰত নঙলামৰা আৰু লাখমণি ঘাটত দুখন দলঙৰ কাম তিনিমাহৰ ভিতৰত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি৷নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাৰ আৰম্ভ কৰা হ’ব৷বৰদেওধাই শাললৈ ১ কোটি টকাৰ অনুদান, বাখৰবেঙেনা বৃক্ষলৈ ৫০ লাখ টকাৰ অনুদানো তেওঁ ঘোষণা কৰে।লগতে দুয়োটা স্থানক পৰ্যটনক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷”