শিয়ালেখাতী উচ্চ বুনিয়াদী বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি উৎসৱ মুখৰ পৰিৱেশ

শিয়ালেখাতী উচ্চ বুনিয়াদী বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি উৎসৱ মুখৰ পৰিৱেশ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট পূৱ শিক্ষাখণ্ডৰ জামুগুৰি মণ্ডল সমল কেন্দ্ৰৰ অৰ্ন্তগত শিয়ালেখাতী উচ্চ বুনিয়াদী বিদ্যালয়ত  এক ব্যতিক্ৰমি ধৰণেৰে উৎসৱ বিদ্যাৰম্ভৰ কাৰ্য্যসূচী পালন কৰা হয়। বিদ্যালয় খনৰ প্ৰাচীৰ পত্ৰীকা কুঁহিপাঠৰ পঞ্চম সংখ্যা আৰু শিক্ষক জিতেন ৰাজখোৱাৰ ব্যক্তিগত প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীৰ হাতে লিখা কবিতা পুথি “সৃষ্টিত আমাৰ দৃষ্টি” উন্মোচন কৰা হয়।প্ৰাচীৰ পত্ৰীকা উন্মোচন কৰে জামুগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পাৰ্শ্বজ্যোতি শৰ্মাই। তাৰ পাছতে এক ব্যতিক্ৰমী কাৰ্যসূচী কণী যুঁজ অনুষ্ঠিত হয় আৰু শিক্ষক অভিভাৱক আৰু স্থানীয় ৰাইজৰ অংশ গ্ৰহণে আনন্দ দায়ক পৰিৱেশ সৃষ্টি কৰে। এক সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয়।প্ৰতিকুল বতৰকো নেওচি সকলোৱে শোভাযাত্ৰা আৰু ৰাজহুৱা হুচৰি কাৰ্যসূচীত ৰাইজ,ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গোটে একেলগে অংশ গ্ৰহণ কৰে। জামুগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পাৰ্শ্বজ্যোতি শৰ্মাৰ প্ৰচেষ্টাত জামুগুৰি মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহত শিক্ষাবৰ্ষৰ আৰম্ভনিতে ব্যতিক্ৰমি পদেক্ষেপ সমূহে শিক্ষক ছাত্ৰ-ছাত্ৰী সকলোকে উৎসাহিত কৰি তুলিছে।