শিলচৰত বিজেপিক উৎখাত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ

শিলচৰত বিজেপিক উৎখাত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশতেই এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি শিলচৰত উপস্থিত হয় সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । শিলচৰ টাউন ক্লাৱ খেলপথাৰত এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। সভাত নিজৰ ভাষণত তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিজেপিক লগতে আগন্তুক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে ভোট প্ৰদানৰ আহ্বান জনাই নেত্ৰীগৰাকীয়ে।তেওঁ নিজৰ ভাষনত কয় ষে, “বিজেপিয়ে দেশ ভাঙিব জানে, বিজেপিয়ে দেশ জ্বলাব জানে ।বিজেপিয়ে ভাৰতৰ গণতন্ত্ৰক লজ্জিত কৰিছে, সমগ্ৰ ভাৰতক জেললৈ ৰূপান্তৰ কৰিছে। আজি কোনো লোকে স্বাধীনভাৱে কথা কৱ নোৱাৰে, কোনোও ভাল কাম কৰিব নোৱাৰে, কলেই প্ৰশাসনৰ জৰিয়তে জেলত ভৰাই থয়। মণিপুৰ জ্বলি শেষ হ’ল কিন্তু বিজেপিৰ এটুপাল চকুপানী নোলাল। বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰি দেশ ধ্বংস কৰিব বিচাৰিছে। এই লোকসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়, এই নিৰ্বাচন দেশ, গণতন্ত্ৰ, স্বাধীনতা ৰক্ষাৰ যুঁজ। এই যুঁজ কেৱল বিজেপিৰ বিৰুদ্ধেই নহয়, এই যুঁজ স্বৈৰাচাৰী, অগণতান্ত্ৰিক শাসনৰ বিৰূদ্ধে।”  উক্ত সভাত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ সুস্মিতা দেৱ আৰু শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসেও অংশগ্ৰহণ কৰে।