অসম নাগৰিক সমাজৰ সংবাদ মেল

অসম নাগৰিক সমাজৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজৰ সভাপতি অজিৎ কুমাৰ ভূঞা, ভাৰত জোড়ো অভিযান অসমৰ আহ্বায়ক পৰেশ মালাকাৰ আৰু বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে কয় যে প্ৰথম পৰ্য্যায়ত উজনি অসমৰ প্ৰায় প্ৰতিখন জিলাতে তেওঁলোকে নাগৰিক সভা পাতি (এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ)ৰাইজক সজাগ হ’বৰ বাবে আৰু অসমৰ জলন্ত সমস্যা বোৰ চালি জাৰি আগন্তুক লোকসভা নিৰ্বাচনত ভালদৰে এবাৰ ভাবি চাই ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায় । প্ৰাৰ্থী বাচনিত যাতে ভুল নকৰে। যোগ্য প্ৰাৰ্থী বাছনি কৰি ভোট প্ৰদান কৰে। আনহাতে এই চৰকাৰৰ দিনত মণিপুৰত মহিলাক নাঙঠ কৰি ৰাস্তাত ঘুৰাই ফুৰালে। কিমান মহিলা, ছোৱালীক ধৰ্ষণ কৰিলে।কিমান ডেকা ল’ৰা স্কুলীয়া ছাত্ৰক হত্যা কৰিলে। কিন্তু এই সন্দৰ্ভত মোদীয়ে এষাৰ মাত নমাতিলে, আনকি তেওঁ এবাৰো মণিপুৰত ভৰি নিদিলে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যক কোঙা কৰি পেলাইছে। অথচ এই বিষয়ত ৰাজ্য চৰকাৰৰ কানসাৰ নাই। বিজেপি চৰকাৰৰ শাসন কালৰ আগৰ প্ৰতিশ্ৰুতিৰ বিষয়তো তেওঁলোক সৰব হোৱা দেখা যায়। যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিষয়ত কয় যে তেওঁ সংসদত বীৰ দৰ্পে অসমৰ তথা ভাৰতৰ জলন্ত সমস্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিজেপি চৰকাৰৰ অপ শাসনৰ বিষয়ে চকু মুকলি কৰিবলৈ সক্ষম হৈছিল।লুৰিণজ্যোতি গগৈৰ বিষয়ে কয় যে কা আন্দোলনৰ সময়ত বলিষ্ঠ নেতৃত্ব দিছিল।গতিকে এজনক বিজেপিৰ ব্যভিচাৰৰ বাবে আৰু আন জনক জাতীয় পৰিচয়ৰ বাবে ভোট প্ৰদান কৰিবলৈ উজনিৰ ৰাইজক আহ্বান জনায়।