শিঙিমাৰীত এনআৰএল প্ৰকল্প স্থাপনৰ বিৰুদ্ধে ৰাজহুৱা সভা

শিঙিমাৰীত এনআৰএল প্ৰকল্প স্থাপনৰ বিৰুদ্ধে ৰাজহুৱা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত শিঙিমাৰীত এনআৰএল প্ৰকল্প স্থাপনৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷সমাজকৰ্মী প্ৰদীপ কুমাৰ ভূঞাই পৌৰোহিত্য কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমাজকৰ্মী তপন কুমাৰ শৰ্মাই৷সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই উদ্বোধন কৰা সভাত বৃহত্তৰ শিঙিমাৰী অঞ্চলৰ ‘কৃষিভূমি সুৰক্ষা সমিতি’ৰ দিবাকৰ কলিতা,সমীন কলিতা,চন্দ্ৰধৰ কলিতা,নাগৰিক অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি শংকৰ শইকীয়া,অনুপ বৰুৱা,চাৰিফুল আহমেদ,বিমান শৰ্মা,শুক্লেশ্বৰ দাস,চৰিফুল হক,কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন নেতা চৰণ ডেকা,সমাজকৰ্মী ফাৰুক হুছেইনে ভাষণ দিয়ে৷সভাত কামৰূপ জিলাৰ শিঙিমাৰী,আলিকাষ,বামুণবড়ী,দদৰা আৰু পছৰীয়া অন্তৰ্গত ৰাজহ চক্ৰৰ বিশাল কৃষিভূমি অধিগ্ৰহণৰ জৰিয়তে নূমলীগড় শোধনাগাৰক চৰকাৰে হস্তান্তৰ কৰিবলৈ লোৱা জনবিৰোধী তথা কৃষি বিৰোধী সিদ্ধান্তক কঠোৰভাৱে সমালোচনা কৰে৷লগতে ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজক সজাগ কৰি গণ প্ৰতিৰোধ গঢ়ি তুলিবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷