কাৰ্টুনিষ্ট,ব্যংগ লেখক নুৰুল ইছলামৰ ‘বুধিন বৰ মানুহ হ’ল’ উন্মোচন

কাৰ্টুনিষ্ট,ব্যংগ লেখক নুৰুল ইছলামৰ ‘বুধিন বৰ মানুহ হ’ল’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত এক ব্যতিক্ৰমী আয়োজনেৰে গ্ৰন্থ উন্মোচনী সভা এখনি অনুষ্ঠিত হয়। উদীয়মান কাৰ্টুনিষ্ট,ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামৰ নিজ গৃহৰ চোতালত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নুৰুল ইছলামৰ হাস্যব্যংগ সংকলন “বুধিন বৰ মানুহ হ’ল’ উন্মোচন কৰে লোক কৃষ্টিৰ সাধক ভূবিন ৰাভাই ৷ তদুপৰি নিজ ভাষণত বিশিষ্ট সাধক ৰাভাই কয় যে – মানুহক কন্দুৱাবলৈ সহজ, কিন্তু হহুঁৱাবলৈ বৰ টান। ব্যংগ সাহিত্যৰ এই ধাৰাটোত লিখা মেলা কৰা লোক তেনেই তাকৰ, তাৰমাজতে সাহিত্যৰ এই ধাৰাটোত মনোনিৱেশ কৰাৰ উপৰি ইছলামে কাৰ্টুন চৰ্চা অব্যাহত ৰখাতো খুবেই আদৰণীয় বুলি কয় তেওঁ ৷ উদীয়মান সাহিত্যানুৰাগী ধনচা আলীয়ে আঁত ধৰাৰ লগতে চিন্তাশীল সাহিত্যপ্ৰেমী ৰমেন কুমাৰ দাসে অনুষ্ঠানটি সঞ্চালনা কৰে ৷ ইফালে দিদাৰুণ নেছাৰ সুমধুৰ জ্যোতি সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট স্বাস্থ্য বিষয়া ডাঃ ভানু শইকীয়া,অসম শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতি , ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাৰ উপৰি সিদ্ধেশ্বৰ ৰাভা,ৰবীন শালৈ ,খলিল আলী,মনচুৰ আলী,আব্দুল হুছেইনকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি সাহিত্য বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷