শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব পাৰিব অনলাইন স্প’কেন ইংলিছৰ পাঠদান

শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব পাৰিব অনলাইন স্প’কেন ইংলিছৰ পাঠদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ছেবাই মুকলি কৰিলে দুটাকৈ বিশেষ এপ্।শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপ দুটাৰ জৰিয়তে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে অনলাইন পাঠগ্ৰহণৰ সুবিধা লাভ কৰিব।এই এপ মুকলি অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ বহু কেইজন শীৰ্ষ আমোলা, বিষয়া উপস্থিত থাকে।অসমীয়া, বড়ো,বাংলাভাষী শিক্ষাৰ্থীয়ে লাভ কৰিব এই এপৰ সুবিধা।মুকলি কৰা এপ দুটাৰ এটা এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে স্প’কেন ইংলিছৰ পাঠদান গ্ৰহণ কৰিব পাৰিব।আনহাতে আন এটা এপত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা উপলব্ধ হ’ব।