শাওণৰ সেউজীয়া গাঁথা – ৰুমী কলিতা দত্ত

Pc Down To Earth

শাওণৰ সেউজীয়া গাঁথা

ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰুগড়

​দুপৰৰ তপত ৰ’দক নেওচি
আকাশত দেখোঁ ক’লা ডাৱৰৰ মেলা,
শাওণৰ প্ৰথমজাক বৰষুণৰ টোপাল সাৱটি
পথাৰে পালে প্ৰাণৰ নতুন মেলা।
​বোকাময় পথাৰত কৃষকৰ ভৰিৰ খোজ
সেউজীয়া সপোনৰ  একোটা বীজ
বতাহত হালিজালি থকা
কঠিয়াই কয়-আমিও আছোঁ
জীৱনৰ বাবে সাজু হৈ ।
​হালৰ সীৰলুত ফুটে মাটিৰ গোন্ধ
বতাহে কঢ়িয়ায় আশাৰ সুগন্ধি
ৰোৱনীৰ হাতৰ পৰশত প্ৰাণ পায়
পথাৰৰ প্ৰতিটো কোণ ।
​এয়া মাথোঁ পথাৰ নহয়
এয়া কৃষকৰ জীৱন
 ঘাম আৰু শ্ৰমৰ সংগ্ৰাম
ধানৰ গেৰেলিত জিলিকি উঠে ভৱিষ্যত
আমাৰ ক্ষুধা নিবাৰণৰ পবিত্ৰ ধাম।
​শাওণৰ এই সেউজীয়া গাঁথা
সদায় গাই থাকক  শাওণে
প্ৰতিটো বৰষুণৰ টোপালত ধুই যাওক
কৃষকৰ জীৱনৰ বেদনাৰ ইতিহাস ।