লুইত তোমাক প্ৰণাম- ময়ূৰাক্ষী গগৈ

Pc wikipedia

লুইত তোমাক প্ৰণাম

অসম আৰু অসমীয়াৰ
প্ৰাণ স্বৰূপ তুমি
বৰলুইত।
তোমাৰ বুকুয়েদিই
নানা জাতি-উপজাতি আহি
গঢ়ি উঠিল অসমীয়া জনগোষ্ঠী।
লুইত, তোমাৰ অবিহনে
অসমীয়াৰ কোনো অস্তিত্বই নাই।
তোমাৰ বুকুতেই সৃষ্টি
সংস্কৃতিৰ ভঁৰাল
বৃহত্তম নদীদ্বীপ মাজুলী।
আকৌ তোমাৰ বুকুতেই
শোভাবৰ্দ্ধন কৰিছে
ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দই।
তুমি অসমীয়াৰ ইতিহাস।
তোমাক শত সহস্ৰ প্ৰণাম।

ময়ূৰাক্ষী গগৈ
যোৰহাট